পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 কৃশানুৱে তাকে ভাবি ভাবি অলংকৃতাৰ চেম্বাৰত বহি থাকিল। খটখটকৈ চিৰিৰে কোনোবা নামি আহিল শব্দটো আহি মেৰেককৈ দুৱাৰ খুলি সোমাই আহিল।

 “কৃশানু, বহিছা? কি খবৰ কোৱা। কিবা খাবা? ৰ’বা চাহ আনিবলৈ কওঁ”, বুলি তাই কলিংবেলটো টিপিলে পুনৰ।

 সময়ে সময়ে সাদৰী মানুহজনী। সময়ে সময়ে ৰঙীন মানুহজনী সময়ে সময়ে জটিল মানুহজনী সময়ে সময়ে দুৰ্বোধ্য মানুহজনী। নাৰীৰ বহু ৰূপ। অলংকৃতাৰো বহু ৰূপ। মাথোঁ এটায়েই প্ৰয়োজন তাইক-আঙুলিত ধৰিবলৈ এখনি হাত আৰু বুকু ভৰাবলৈ একাঁজলি মৰম। প্ৰত্যেক নাৰীৰ সেয়াই প্ৰয়োজন। অলংকৃতাৰো সেয়াই প্ৰয়োজন। বাহিৰত লৌহমুখা এখনি পিন্ধি থাকিলেও ভিতৰখন কপৌৰ বুকুখনৰ দৰে কোমল। চকু-মুখলৈ মৰমৰ আভা সানি কৃশানুক সুধি পেলায়,

 “কোৱা নিউ ইয়েৰ প্লেন কি? পিকনিক, আউটিং নে আন কিবা?”

 “নাই নাই এতিয়াও ভবা নাই, আপোনাৰ?”

 “ওমম। ভাবি আছো। নৰ্থ ইষ্ট এক্সপ্ল’ৰ কৰিম এইবাৰ৷ বাহিৰলৈ বহুতবাৰ গ’লোঁ। নিজৰ ঠাইবোৰ বাদ পৰি গৈছে, সময় মিলাব পাৰিলেই অলপ ইফালে সিফালে ঘূৰিম।”

 মণিপুৰলৈ নাযায় তাই। তাত আইন শৃংখলা ভাল নহয়। অৰুণাচললৈ নাযায় তাই। তাত উল্কিৰ ছবিয়ে খেদিব তাইক! নাগালেণ্ডৰ পাহাৰত খোজ কাঢ়িব পৰাকৈ তাই অভ্যস্ত হৈ উঠা নাই। চিকিমলৈ নাযায় তাই। তাৰ ফেৰফেৰীয়া বতাহজাকে বুকুৰ জুইকুৰা উমি উমি জ্বলায়। তাই ৰূমৰ ভিতৰত বন্দী হৈ থাকিব। অন্তত বাহিৰৰ কোলাহলবোৰ শেষ নোহোৱালৈকে তাই বন্ধ ৰূমতে পৰি থাকিব। কিন্তু বাহিৰৰ পৃথিৱীক নজনায় সেই কথা। সেয়ে কৃশানুৰ ওচৰতো মিছা মাতিলে,

 “ভাবি আছোঁ, প্লেন কৰিছোঁ, যাম ক’ৰবালৈ, মায়’দিয়া নতুবা টিৰাপ-সীমান্ত, তিব্বতীৰ মাজত নতুবা মৌচিনৰামৰ বৰষুণত জুক’ভেলীৰ ফুলৰ উপত্যকা নতুবা অগ্নিগড়ৰ উষা-অনিৰুদ্ধৰ প্ৰেম, এইবোৰৰ মাজতে নতুন বছৰ আদৰিম”।

 আচলতে ক’তোৱেই নাযায় তাই। কিছুদিনলৈ বাহিৰৰ কোলাহলে আমনি কৰিব নোৱাৰাকৈ হৃদয়ৰ ফুটাবোৰ বন্ধ কৰি থ’ব তাই। উদ্ যাপনৰ ক্ষণবোৰ বিশৃংখল কৰি মনটোক আউলীয়া সূতাৰে বান্ধিব তাই। শৰীৰৰ পৰা মনটোক নিলগাই আসুৰিক আনন্দ লভিব তাই।

 কৃশানুক বিদায় দি তাই ৰমেশক গাড়ী উলিয়াবলৈ ক’লে। মিহি মিহিকৈ বিষ এটা জজৰ কোঠাৰ বগা শাৰীৰ আঁচলেৰে বান্ধি লৈ আহিছিল। কৃশানু থকা অৱস্থাত সেই বিষটো নিতাল মাৰি পৰি আছিল। গাড়ীত বহোঁতেই বিষটোৱে তাইক দৈত্য এটাৰ দৰে হেঁচা মাৰি ধৰিলে। তাইৰ ট্ৰেন্সফাৰ হোৱাৰ চান্স আছে, তাই কোৱা কথা নহয়, স্বয়ং জজে কোৱা কথা। প্ৰমোচনৰ লগতে বদলি। বুকুখন ভাঙি যায় তাইৰ। এই ঘৰৰ মোহত পৰি তাই ঠাই সলাব নোৱাৰ হ’ল। ওচৰৰ জিলালৈ ট্ৰেন্সফাৰ দিলে তাই ঘৰৰ পৰাই অহা যোৱা কৰিব, কিন্তু দূৰলৈ দিলে? কি হ’ব তেতিয়া? আগৰে পৰাই সেই চিন্তাটো মনলৈ আহিলেই নিৰাশাত ভোগে তাই। হয় সন্তান এৰিব লাগিব, নহয় ঘৰখন এৰিব লাগিব। বদলি হৈ থকা চাকৰিবোৰৰ অনিশ্চয়তা এয়া। অনুভৱ কৰে তাই, গ্লেমাৰ এটা আছে কাৰণেই এই জীৱনটো বাচি ল’লে যদিও তাইৰ দৰে ঘৰৰ মোহত বন্দী নাৰী এগৰাকীৰ বাবে এয়া বৰ কষ্টকৰ সময়। জীৱনৰ তাগিদাত পিতৃ-মাতৃ দুয়োজনে কৰ্মদক্ষতাৰে বৰ্হিমুখী জীৱন ধাৰণ যাপন কৰি লয় যদিও ঘৰ-সংসাৰ পৰিচালনাত তথা শিশুৰ প্ৰতিপালনত গুণগত সময়ৰ সদব্যৱহাৰ কৰিব লগা হয়। গুণগত সময়খিনিলৈ সময়ৰ নাটনি হ’ব তাইৰ। ট্ৰেন্সফাৰ হৈ গ’লে সেই সময়খিনি মিলাব নোৱাৰিব তাই।

 সন্তান দুটি তাইৰ দুৰ্বল বিন্দু। সিহঁতক মানসিকভাৱে সবল কৰি তুলিবলৈ তাই যিমান পাৰে সিমান চেষ্টা কৰে। অন্য মাতৃৰ দৰে বজাৰৰ পেকেটফুড কিনি দি কেৱল শৰীৰৰ বিকাশ হোৱাত গুৰুত্ব নিদিয়ে তাই। বৰঞ্চ সিহঁতৰ মনৰ সহায়ক হোৱাকৈ বিভিন্ন নীতিশিক্ষামূলক আচৰণৰ যোগান ধৰে। এই লৈও আল্ট্ৰাছৰ লগত কত ওখনা-ওখনি। লাগ বুলিলেই আল্ট্ৰাছে যিকোনো বস্তু সিহঁতৰ হাতত তুলি দিয়াৰ পৰিৱৰ্তে তাই দুদিনমান দেৰিকৈ দিয়াৰ প্ৰতিশ্ৰুতি আদায় কৰে। তাইৰ যুক্তি, ইয়াৰ জৰিয়তে শিশুহঁতৰ ধৈৰ্যগুণ বাঢ়ি যায়। সেই ধৈৰ্যগুণৰ