পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সজোৰে হা হা হা হাঁহি উঠে সি, “তোৰ দৰে গেন্ধেলীজনীক মই প্ৰেমৰ প্ৰস্তাৱ দিম? হেৰ’, তোক দেখোন মই চেমিজ পিন্ধাৰ পৰাই লগ পাইছো”।

 গেন্ধেলী!!! তেলত ভজা লুচিৰ দৰে মুখখন ফুলি আহে তাইৰ। ঘপহকৈ উঠি কলেজৰ গেট পায়হি। পিছলৈ এবাৰ ঘূৰি চায়, কেনেবাকৈ সিও পিছে পিছে আহিছে নেকি? নাই। সি উঠি নাহে। সি ঠাইতে বহি থাকে। তাই নেদেখাকৈয়ে পুখুৰীৰ পাৰৰ বন এডাল উভালি সি পানীলৈ দলি মাৰে। চেমিজ পিন্ধাৰ পৰাই লগ পোৱা ছোৱালীজনীৰ সতে অন্য পুৰুষসত্তাক দেখিলে হয়তো সি বৰ কষ্ট পাব। বনডাল পানীলৈ দলি মাৰি দিয়াৰ পাছতেই সি সিদ্ধান্ত লয়, যাবগৈ সি। এই ঠাই এৰি সি যাবগৈ ক’ৰবালৈ। তাইক একো উমান নিদিয়াকৈ সি তাইৰ পৰা দূৰৈত অৱস্থান কৰিব। ক্ষণেপ্ৰতি তুলি ধৰিবলগীয়া হোৱা তাই বাৰু বৰগছজোপাৰ দৰে জী থাকিব পাৰিবনে, এই শংকাই শংকিত কৰি তোলে তাক। সেই শংকাতে আকৌ পিছৰ দিনা তাইক সোধে, “ডাৰউইনৰ তত্বটো জাননে কৃত৷”?

 “নাজানো৷ কেনেকৈ জানিম মই ডাৰউঁইনৰ তত্ব কি? মই কিবা তোৰ দৰে কিতাপৰ পোক নেকি?” আগৰ দিনাৰ খং মাৰ যোৱা নাছিল তাইৰ।

 “যোগ্য ভোগ্য বসুন্ধৰা বুলিও ক’ব পাৰ’ নতুবা চাৰভাইভেল অৱ দ্য ফিটেষ্ট বুলিও ক’ব পাৰ’, পৃথিৱীত যোগ্যজনহে জীয়াই থাকিব পাৰে।”

 “যোগ্য নহ’লে?”, তাই প্ৰশ্নবোধক চাৱনি এটা নিক্ষপ কৰে তালৈ।

 “কোনো এক নিয়মৰ মাজেৰে সেইজন হেৰাই যোৱাৰ উপক্ৰম ঘটে”, গহীন সুৰ টানি সি উত্তৰ দিয়ে।

 ভয় লাগি যায় তাইৰ। তাই যে লতিকাডালৰ দৰে ইমান দুৰ্বল, ধ্ৰুৱমৰ আঙুলিটো নহ’লে বাৰে বাৰে বাগৰি পৰিব খোজে, তাই বাৰু এই পৃথিৱীখনৰ বাবে যোগ্য হৈ উঠিবনে?”

 তাইৰ চিন্তাম্বিত মুখখনলৈ চাই সি পুনৰাই কৈ উঠে, “ইমান চিন্তা কৰিব নালাগে দে, ভগৱানে তোক পৃথিৱীলৈ পঠিয়াইছে মানে যোগ্যতাৰ পৰীক্ষাত তই উত্তীৰ্ণ হৈছ কাৰণেহে পঠিয়াইছে। ভগৱানৰ বিচাৰক শুদ্ধ প্ৰমাণ কৰা দায়িত্ব তোৰ। যিকোনো পৰিস্থিতিকে তই হাঁহিমুখে আঁকোৱালি লবি, দেখিবি কঠোৰ পৰীক্ষাবোৰ তই হেলাৰঙে পাৰ হৈ যাব পাৰিছ”।

 অনৰ্গল কৈ যায় সি। অলংকৃতাই বুজি নাপায় আধাখিনি কথা। তথাপি কথাবোৰে বুকুত বাহ বান্ধিছিল চাগৈ। নহ’লেনো পোন্ধৰ বছৰৰ মূৰত সেই কথাবোৰত তাই অজান প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰেনে?

 গাড়ীৰ দুৱাৰ খোলাৰ শব্দত সচকিত হৈ উঠে তাই। ৰমেশ পিছলৈ আহি গাড়ীৰ দুৱাৰ খুলি দিছে। গম নোপোৱাকৈ তাই ঘৰ পালেহি।

 ছেহ! কিবোৰ যে ভাবি থাকিল তাই। ঘৰলৈ গৈয়ে তাই ছাদৰ কোণ পালেগৈ। আল্ট্ৰাছ আজি ঘূৰি অহাৰ কথা। সি বাৰু কিবা গম পাইছেনে? তাৰ সন্মুখীন হ'ব পৰাকৈ তাই ধেৰ্য ধৰি থাকিব পাৰিবনে? কথাবোৰ ভাবি ভাবি তাই ফোনটোত কঞ্জনীলৰ ফোন নম্বৰটো বিচাৰি উলিয়ালে।

 “বাইদেউ কওক”, সিমূৰত কঞ্জনীলৰ জড়কণ্ঠ। ভিতৰি ভিতৰি যে সি অৰ্ধমৃত হৈছে, তাৰ মাততে বুজা যায়। তাই ইতিমধ্যে নিজকে তুলি ধৰিছে, ভগৱানক বাৰে বাৰে খাটিছে, “মোক সেই বৰগছজোপাৰ দৰে মহীয়ান কৰি তোলা ভগৱান,মোৰ ছায়াই আৱৰি লব তোমাৰেই সৃষ্ট সহস্ৰ পক্ষী-লতা।”

 মৌন হৈ ৰ’ল তাই। সান্ত্বনা দিয়াৰ যোগ্যতা আছেনে তাইৰ? জানোচা সি ওলোটাই কৈ দিয়ে, “বাইদেউ মোৰ কথা বাদ দিয়ক। আপুনি নিজকে সান্ত্বনা দিয়ক৷” বুলি। বৰ স্পষ্টবাদী ল’ৰাটো।

 তেনেকৈ নক’লে সি, বৰঞ্চ সুধিলে, “বাইদেউ আপোনাৰ কি অলপোৱেই কষ্ট হোৱা নাই?”

 কি অদ্ভুত প্ৰশ্ন তাৰ! যেন তাই কষ্ট পালেই তাৰ দুখৰ জলঙা সৰকি সোমাই আহিব নতুন ৰ’দৰ জিলিঙনি। ভুল ভুল। তোমালোকৰ এয়া ভুল মনোবৃত্তি। পৃথিৱীখনে কিয় বিচাৰে তাই কষ্ট পাওক, কিয় বিচাৰে তাইৰ স্বামীয়ে, কিয় বিচাৰে সেই পৰনাৰীয়ে। সেই নাৰীৰ স্বামীয়েনো কিয় বিচাৰিছে তাই কষ্ট পাওক? শেঁতা জোনটো ঢিমিক ঢামাককৈ জ্বলি উঠিছে। এৰিকাপামৰ লাহি গাটো হালিছে। অলংকৃতাৰ বুকুখন দুৰু দুৰুকৈ কঁপিছে। কঞ্জনীলে সেই নাৰীক ত্যাগ কৰাৰ কথা কৈছে। তাইৰ পৃথিৱীখনৰ ক'ৰবাত কিন্তু প্ৰেম এতিয়াও আছে। এতিয়াও