পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 বিশালে ধৰফৰ কৰে, “মোৰো প্ৰয়োজন নাই আপোনাক? মোৰ সান্নিধ্যই সুখী নকৰে নে আপোনাক?”

 অলংকৃতাই স্বীকাৰ কৰে, আপোনাৰ সান্নিধ্যত ক্ষণিক সুখ অনিভৱ কৰিলেও বিষাদৰ সৈতে মোৰ চিৰন্তণ প্ৰেম।”

 “মোৰ বিশ্বাস, মোৰ প্ৰেমে এই বিষাদ আতঁৰাব পাৰিব।”

 “ওহোঁ। নোৱাৰিব। কাৰণ নাৰীৰ চৌপাশে গাঁথি দিয়া দেৱালখনতে নাৰী অভ্যন্ত হৈ পৰিছে। তাৰ পৰা ওলাবলৈ পালেই নাৰীয়ে অসুৰক্ষিত অনুভৱ কৰে। অসুৰক্ষিত অনুভৱ হ’লেই বিষাদ বাঢ়ে৷ কোনো অজাতী প্ৰেমিক পখীয়ে এই বিষাদ আঁতৰাব নোৱাৰে।”

 বিশাল হতাশ হয়। হতাশ হয় অলংকৃতাৰ চিন্তাধাৰাত। আধুনিকতাৰ সপক্ষে ঠিয় দিয়া নাৰীগৰাকী প্ৰেমৰ পুৰাতন সংজ্ঞাতহে বিশ্বাসী। আহত হয় সি। আহত হোৱাৰে কথা। দীপকৰ মৃত্যুৱে তাক বহুত কথা শিকাই গ'ল। এক কথাত শ্মশানবৈৰাগী হৈ পৰিছে সি। সিও নিচা গিলিছে। অস্থিৰতাৰ মদিৰাত সিও পান কৰিছে শূন্যতা। তাৰ শূন্যতাৰ কাৰণবোৰ নিষিদ্ধ, কাকো খুলি ক’ব নোৱৰা ধৰণৰ।

 সি মদ গিলে। যিমানেই গিলে, সিমানেই অলংকৃতাই গালি পাৰে, মাকে দুখ কৰে। বন্ধু ৰাহুলে তাক গৰিহণা দিয়ে। ইমান ভাল চাকৰিৰে সি সুখ কিনিব নোৱৰা কথাটোত বন্ধুবৰ্গই তাক তিৰস্কাৰ কৰে।

 “কোনো নাই মোৰ অলংকৃতা। কোনো নাই মোৰ। তোমাৰ বাবেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিবলৈ আগবাঢ়িছোঁ। তুমি মাথোঁ৷ সুখী হোৱা কৃতা।”

 ঘোটঘোটকে সি মদ গিলে। ওহোঁ নহয়। মদে গিলে তাক। মদত ডুবি সি কম পাৱাৰৰ লাইটটো জ্বলাই কোঠাটোৰ ভিতৰত অনৰ্গল প্ৰলাপ বকে। নিজৰ স’তে যুদ্ধখন লগাই মদে ৰং চায়। মদে তাক সাহসী কৰে। মদৰ নিচাত সি অলংকৃতাৰ নম্বৰ ডায়েল কৰি লয়,

 “তুমি মোৰ প্ৰাৰ্থনাৰ ফুল।”

 “তুমি মোৰ প্ৰাৰ্থনাৰ ফুল।”

 এনে সময়ত মৌনতা অৱলম্বন কৰাৰ বাদে আন একো উপায় নেদেখে অলংকৃতাই। নেপথ্যৰ পাৰ্বতীপ্ৰসাদৰ গীতে তাইকো উন্মনা নকৰাকৈ নাথাকে,

 “তোমাৰ প্ৰেমৰ ভোগজৰাটি দিয়া বাকী....’’

 * * * *

 সিদিনা গধূলি ঘৰ সোমাই অলংকৃতাই চাহকাপ মুখলৈ নিছিল মাত্ৰ, ফোনটো বাজি উঠিল। সিপাৰৰ পৰা ৰাহুলে কৈ উঠিল, “আপোনালৈ এটা চাৰপ্ৰাইজ আছে৷”

 আচৰিত হয় তাই, “কি ধৰণৰ চাৰপ্ৰাইজ?”

 “আপোনাৰ সৰুকালৰ বন্ধু এজনে আপোনাৰ ফোন নম্বৰ লৈছিল।”

 “কোন বন্ধু? নাম কি?”, অলংকৃতা ব্যতিব্যস্ত হৈ পৰে।

 “ধ্ৰুৱম! ”, ৰাহুলে নামটো উচ্চাৰণ কৰে।

 “সঁচাইনে?,” তাই বিশ্বাস কৰিবলৈ টান পায়।

 “হয়। মোৰ পৰা আপোনাৰ ফোন নম্বৰ ল’লে। ঠিক আঠবজাত আপোনাক ফোন কৰিব বুলি জনাবলৈ ক’লে মোক।”

 আৱেগত ফোনটো সৰি পৰে তাইৰ। চিম খুলি ক’ৰবাত পৰে। বেটেৰীটো ক’ৰবাত লুকায়। আঠবাজিবলৈ বেছি পৰ নাই। এনে সময়তে তাইৰ ফোনটোৰ এই অৱস্থা হ'ব লাগেনে?

 কান্দি দিবলৈ মন যায় তাইৰ। ফোনটো অফ পালে কি বুলি ভাবিব সি। হয়তো ভাবিব, “কৃতা তই আজিও চম্ভালিবলৈ নিশিকিলি নিজকে।”

 আৰু তাই যেতিয়া ফোনটোৰ পৰা খুলি যোৱা টুকুৰাবোৰ গোটাই লৈ ফোনটো অন কৰি স্বস্তিৰ দীঘল উশাহটো এৰি আইনাখনলৈ চায়, দেখে দীঘল চুলিখিনি আউলী-বাউলী হৈ জাধলী হৈ আছে। যদি সি ভিদিঅ’ কল কৰে, তেতিয়াও সি সেইষাৰেই ক’ব,

 “কি যে হ’ব তোৰ কৃতা? আজিও নিজকে চম্ভালিবলৈ নিশিকিলি।”