পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহগৰাকীক কিহে ভাৰাক্ৰান্ত কৰে এনেকৈ? ইমানদিন সি ভাবি আহিছিল, শাৰিৰীক তথা মানসিক পৰিপূৰ্ণতাৰে পুষ্ট এই নাৰী। আজি সি গম পাইছে, ক’ৰবাত সূৰ্যৰো বিচ্যুতি ঘটে। চকুত নপৰে মানুহৰ। কিছু আৱেগিক হ’ল সি। ক’বলগা কথাবোৰ সামৰি সি মাথোঁ ক’লে “মেডাম, নিউটনৰ তৃতীয় সূত্ৰটো মনত আছেনে? সেই যে সূত্ৰটো, প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে”।

 তাই চাই ৰ’ল। কি ক’ব বিচাৰিছে বিশালে সেই কথা বুজাৰ আগতেই সি কৈ গ’ল, “যিয়েই আপোনাক আজি পিছলৈ টানিছে, সেইটোৱেই আপোনাক এদিন সিমান আগলৈ লৈ যাব। এতিয়া মই যাওঁ৷ আপুনিও বেছি দেৰি নকৰিব”।

 কথাখিনি কৈ সি ওলাই গ’ল। চকুৰ কোণ সেমেকি উঠিছিল তাৰ। বিশাল চৌহদত তাইক অকলে এৰি সি গাড়ীৰ ষ্টিয়েৰিং পকালে। শৈলমানৱীৰ দৰে তাই বহি ৰ’ল। উল্কি, আল্ট্ৰাছ, মায়’ডিয়া, ফটো, মেচেজ, ফোন, ৰঙা টুপী, শুকুলা তুযাৰ এই শব্দবোৰ সাৱটি তাই বহি ৰ’ল। ইমানবোৰ শব্দৰ সংগতো বৰ নিঃসংগ অনুভৱ কৰিছিল অলংকৃতাই। সৰ্বশৰীৰ শীতল হৈ পৰিছিল। এই যেন তাই চিঞৰি চিঞৰি কান্দিব, আকুলভাৱে অনুৰোধ জনাব কাৰোবাক, “তুলি ধৰচোন মোক, মোৰ পৃথিৱীখন ধ্বংস হোৱাৰ আগতেই কোনোবাই তুলি ধৰ মোক”।

 বিশালৰ গাড়ীখন ধূলি উৰুৱাই গুচি যোৱাৰ খবৰ তাই পালে, খিৰিকীৰে দেখিলে তই, ড্ৰাইভিং ছিটৰ পৰা সি তাইৰ খিৰিকীৰ ফালে চাই গৈছিল।

 “নাই নাই। আৰু অলপো পুতৌৰ দৰকাৰ নাই মোক। মই নিজে নিজক বুজাম। মোক অকলে থাকিবলৈ দে, জীৱন মোক শক্তি দে’’৷

 অলংকৃতাৰ দৰে সবল ব্যক্তিত্বৰ মানুহ এগৰাকীৰ এই বিভঞ্জ ৰূপ অকল্পনীয়। হে জীৱন, বৈচিত্ৰৰে ভৰা তোমাৰ ক্ষণ। উচুপনিৰ ক্ষণবোৰ ঢাকিও তাই জীৱনৰে গান গাই আছে।

 অথচ কেতিয়াবা কিয় মন যায় তাইৰ নিজৰ ওপৰত প্ৰতিশোধ ল’বলৈ, কিয় মন যায় নৰকৰ কীটে কিলবিলোৱা সেই ৰাস্তাত ভৰি দিবলৈ, কিয় মন যায় আল্ট্ৰাছক জনাবলৈ সেই খবৰ, “চোৱা আল্ট্ৰাছ, চোৱা মোক, মই তোমাৰ হৈ নাথাকিলোঁ, মই দেখোন মোৰেই হৈ নাথাকিলোঁ৷”

 .............

 চকুপানী টোপাল সৰিল। ব্ৰাৰ্টাণ্ড ৰাছেলৰ কিতাপখনৰ পয়ষষ্ঠি নম্বৰ পৃষ্ঠাত চকুপানীটোপালে ঠিকনা পালে। তাইৰ মনৰ গতিত বাধা আহিল। অদূৰৰ পৰা পুৱা চাৰি বজাৰ ঘন্টাৰ শব্দ ভাঁহি আহিল। টোপনি অবিহনে পাৰ হোৱা তাইৰ এয়া প্ৰথমটো নিশা। আল্ট্ৰাছ ঘৰত নাই। কিতাপখন জপাই তাই শোৱনি কোঠালৈ আহিল। পূত্ৰদ্বয় নিদ্ৰাদেৱীৰ কোলাত। সৰু পুত্ৰই মাজে মাজে খেপিয়াই খেপিয়াই মাকক বিচাৰিছে। জিৰো পাৱাৰৰ লাইটটো তাই নুমুৱাই দিলে। ভেন্টিলেটৰেৰে পোহৰৰ ৰেঙনি দেখা গৈছে। আগদিনা কঞ্জনীলৰ ফোনটো নাহিল। তাই প্ৰস্তুত হৈ উঠিছিল তেতিয়া। চৰম সত্যটো শুনিলেও যাতে তাই ভাগি নপৰে, তাৰ বাবে তাই নিজকে সাজু কৰি তুলিছিল। কিন্তু সি ফোন নকৰিলে৷ তাৰ বিপৰীতে তাইলৈ পঠিয়াই দিলে ফটোৰূপী জুইৰ লেহন, সৰ্ব কলিজা দহি যি এতিয়াও তাইৰ চকুৰ আগত নাচি আছে।

 সৰুটোৱে বাগৰ দিছে, মুখখন উজ্জ্বল তাৰ, টোপনিতে খিলখিলকৈ হাঁহি কৈ উঠিছে, “পাপাই মোৰ কাৰণে ৰিম’ট কন্ট্ৰল গাড়ী আনিব”।

++

(তিনি)

 সৰুপুত্ৰৰ উজ্জ্বল মুখখনলৈ অলংকৃতাই চাই ৰ’ল। ছবছৰীয়া এটা শিশুৱে সপোনতে দেউতাকৰ লগত কথা পাতি পাতি মাকৰ উমাল কোলাত নিশ্চিন্তে পৰি ৰৈছে। পুতলা গাড়ী, বল, ছবিৰ বাদে কিয়েইবা ভাবিব পাৰে সিহঁতে! দুইটিকে কপালত দুটা চুমা আঁকি দিলে তাই। ওঁঠযোৰ শুকান তাইৰ। চকুপানীৰ লুণীয়া সোৱাদে হয়তো ওঁঠ চুইছিল। উঠি গৈ বেচিনত মুখখন ধুই ল’লে। মেলা চুলিখিনি গত লগাবলৈ তাইৰ সত নগ'ল। দুৱাৰ খুলি লাহে লাহে ঘৰৰ সন্মুখৰ সেউজীয়া লনখনৰ ঝুলনাডালত বহি ল’লে। বাগানভেলিয়াৰ ফুলবোৰে ঢাকি ৰখা