এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭৯ )
২য় দানৱ। এৰা বোপই মই কৈছোবেই
ঘৰত তিৰোতা জনীৰ প্ৰতাপত থাকিবৈ
নোৱাৰা হ’ল। তহঁত বৰলা মানুহ বৰ সুখত
আছ।
১ম দানৱ। নেইদৰে চালে সুখকে বুলিব পাৰি।
বালী ৰজা মৰিল আমাৰ সুখৰ দিনো
অন্ত হ’ল। মই সেইবাৰ যে চুৰ কৰি আনিছিলোঁ,
সেই জনী ছোৱালীলৈ বালী ৰজায়ো চকু দিছিল।
গুণী গুণ বুজা বালী ৰজাই জানিবা ছোৱালী জনী
এৰি দিলতে ভক্ ভক্ কৰে হাঁহি মোৰ পিঠিত
চাপৰ দুটা মান মাৰি ঘৰলৈ পঠিয়াই দিলে।
২য় দানৱ। বালী ৰজাৰ দিনত আৰু এটব
সুবিধা আছিল। বাঁহ চুৰি, কুহিয়াৰ চুৰি, জেও
ৰাত মেলি দিয়া কাপোৰ চুৰি এইবোৰ চুৰিৰ
লগত নধৰিছিলেই।
১ম দানব। আমাৰ নিচিনা টোকোনা তৰপ
মানুহৰ সেইটা জানো কম সুবিধা বুলিছা?
২য় দানব। তোৰ কথাটোৰ কি হয় এটা
কৰিব পাৰিলেই আমি অইন দেশলৈ যাবৈ লাগিব।