পৃষ্ঠা:বালীবধ নাটক.pdf/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯৪ )


নিজেও ব্যথিত যদি সহস্ৰ দুখত,
বুজিব পাৰিছোঁ কিন্তু তোমাৰ যাতনা।
সুগ্ৰীৱ। দোষী দেবি তোমাৰ পদত,
অঙ্গদক অনাথ কৰিলোঁ।
নিজ গুণে ক্ষমিছা সকলো;
কোৱা বাৰু অঙ্গদ কুমাৰ
ক্ষমা জানো কৰিছা তুমিও?
অঙ্গদ। ভাগ্যফলে পিতৃহীন হলোঁ।
কি দোষ তোমাত?
আয়ুস নহ'লে ক্ষয়
কোনে কাৰ প্ৰাণ লব পাৰে?
তুমি হ’লা কাৰণ মাথোন
কৰ্ম্মফল ভুগিলে পিতাই,
কৰ্ম্মফল ভুগিছে মাতৃয়ে,
কৰ্ম্মফল নিজেও ভুগিছো,
সেইবাবে খেদ কৰা নাই।
সুগ্ৰীব। মাতৃৰূপে পূজিম তোমাক,
শুধিম সকলো কথা তোমাক সততে,
বিচক্ষণা লক্ষী স্বৰূপিনী তুমি
চলিম তোমাৰ দেবি পৰামৰ্শমতে;
অঙ্গদক স্নেহভাবে কৰিম পালন।