পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

সিহঁতে নৈৰ পাৰত শামুকৰ খোলা বিচাৰে। ক'ৰ পৰা যে ধুনীয়া ধুনীয়া শামুকবোৰ ওলায়! নৈৰ পাৰে পাৰে গৈ জোপোহা গছবিলাক খান্দি সিহঁতে আলু বিচাৰে।

 বৰ নৈখন বাৰিষাকালত কেতিয়াবা পানীৰে উপচি পৰে। ভয়লগা ঢৌবোৰ ঢপলিয়াই ফুৰে৷ পথাৰলৈ পানী সোমাই পথাৰবোৰ নাইকিয়া কৰি পেলায়। মানুহবোৰে তেতিয়া দেও উঠিছে বুলি বৰ ভয় খায়।

 নৈৰ বাঢ়ি অহা পানীয়ে মানুহৰ জুপুৰিবোৰ বাৰে বাৰে ভাঙি পেলাইছিল। সেইবাবে আঁতৰত গৈ ওখকৈ ভেটি বান্ধি থকাৰ ঠাই সুবিধা কৰি ল'লে। ভেটিৰ বাবে খন্দা-মাটিবোৰৰ কাৰণে ডাঙৰ ডাঙৰ খাল হৈ একোটা পুখুৰী হৈ পৰিল। সেইবোৰ ধোৱা-পখলা আৰু খোৱাৰ বাবে সুচল হ’ল।

 দক্ষিণফালে থকা ওখ পাহাৰটোৰ তলতে থকা পাতলীয়া হাবিখনে নৈখনৰ এফাল আঁৰ কৰি থয়। পাতলীয়া হাবিখনৰ কাষতে এখন ধূলিয়ৰী শুকান পথাৰ। শুকান ওখ পথাৰখনত শইচৰ খেতি নহয়। পথাৰখনৰ মাজতে এজোপা পুৰণিকলীয়া বৰ ডাঙৰ গছ আছে। গছজোপাৰ তলৰ অংশত এটা মস্ত খোৰোং। মাটিত পোত খাই থকা শিপাৰ পৰা ওলাই থকা অংশবোৰ ইমান টান আৰু শকত যে গছৰ ডাল যেনহে লাগে।

 চনপৰা পথাৰখনৰ দাঁতিতে ক্ৰমে ওখ হৈ পাহাৰটোত লগা এখন ডাঠ অটব্য হাবি আছে। দিনতে ঘোপমৰা আন্ধাৰ হৈ থাকে। সেই হাবিখনলৈ কোনেও কেতিয়াও মুখকে নকৰে৷ বয়সীয়াল সকলে সেই হাবিখন দেওলগা হাবি বুলিয়ে জানি আহিছে। হাবিখনত কেতিয়াবা নিজে নিজে দপ্ দপ্‌কৈ জুই জ্বলা দেখে। হাবিখনৰ ওচৰত গাতে লাগি থকা বৰ গছ কেইজোপাৰ তলত ঢেৰেকণী বতাহত ৰৈ থাকোতে জীয়াই জীয়াই মানুহ মৰাও দেখিছে। হাবিখনত মানুহ সোমালে উভতি নাহে বুলিয়ে বিশ্বাস কৰে। এলেকাটোৰ মানুহ মৰিলে হাবিখনৰ