সিঁচিবলৈও ধৰিলে। কামবোৰ মিলিজুলি কৰিলে। শইচ উৎপন্ন হ’ল, পকিল। পকা শইচবোৰ কাটিলে আৰু সকলোৱে সমানে ভগাই ল'লে। শইচ কৰা কাম হাতত লোৱাত সঁজুলিবোৰৰ বৰ দৰকাৰ হ’ল। কাঠৰ, শিলৰ, জন্তুৰ ফোপোলা হাঁড়ৰ, তামৰ আদিৰে কোৰ, নাঙল, দা, কাঁচি আদি সঁজুলিবোৰ তৈয়াৰ কৰি ল'লে৷
তথাপি মানুহবোৰৰ জীয়াই থকাটো ইমান সহজ নাছিল। কেতিয়াবা কেতিয়াবা বনৰীয়া জন্তুৰ আক্ৰমণত পৰিবলগীয়া হয়। ক’ৰবাৰ পৰা অহা অঘৰী দলবোৰে আক্ৰমণ কৰেহি। সিহঁতৰ লগত যুঁজ দিব লগা হয়। যুঁজত হাৰিলে ঠাই এৰি দিব লগাতো পৰে।
সেয়ে এলেকাবিলাকৰ মানুহবিলাকৰ মাজত বৰ মিলাপ্ৰীতি আৰু একতা আছিল। বয়সীয়াল কেইজনমানক মুখীয়াল পাতি লৈছিল। তেওঁলোকৰ দিহা-পৰামৰ্শ মতে সকলোৱে কাম কৰিছিল৷
মুখীয়ালসকলে এলেকাটোৰ আটাইতকৈ সাহসী আৰু স্বাস্থ্যৱান মানুহ এজনক দলপতি পাতি দিছিল৷ এই দলপতিজনৰ পৰামৰ্শ আৰু বুদ্ধিমতে মানুহবোৰে শতৰুৰ লগত যুঁজ দিছিল। আক্ৰমণ কৰিবলৈ অহা শতৰুবোৰক হেৰুৱালে সিহঁতৰ পৰা অস্ত্ৰ, আহাৰ, পশুকে ধৰি লগত ৰখা সকলো বস্তু কাঢ়ি আনিছিল। বস্তুবোৰ সকলোৰে মাজত ভগাই লৈছিল।
এটা এলেকাত একে ধৰণৰ মানুহ বাস কৰিছিল আৰু নিজকে এটা বংশৰ বুলি ধৰি লৈছিল। মনৰ ভাব বুজাবলৈ একোটা নিজৰ ভাষা ঠিক কৰি লৈছিল৷ ৰীতি-নীতি, আদৱ-কায়দা, নিয়ম-কানুন এটাই আছিল
তেনে এটা এলেকাৰ কাহিনীয়ে হ'ল—
“বানচা, য়ান ককা আৰু এখন দেওলগা হাবি।”