:“নকবিহঁত তেনেকৈ। আমি আমাৰ পুৰণিকলীয়া হাবিখন এৰো কিয়? গোটেইখনে সিহঁতৰ হ’ব তেতিয়া। তাৰ সলনি চকুৰ আগতে ঠাই এটুকুৰা দিয়াই ভাল।”
দেওলগা হাবিখনত যে দেও ভূতৰ সলনি শিল, কাঠ, বাঁহ, চিকাৰ দেধাৰ হৈ আছে মুখিয়াল এজনে বখানিলে।
কথাটোৱে ততালিকে কাম দিলে। তথাপি এনেই ক’লে—
: “কি ঠিক পাহাৰটোৰ সিফালে যদি মানুহ সোপা চোপ লৈ আছে?”
য়ান ককাই ক'লে— “তাৰো দিহা কৰিছো। পুৱাতে ডেকাকেইটামানক পাহাৰৰ সিফালে কি আছে চাই আহিবলৈ পঠিয়াইছো। মানুহ থাকিলে মানুহজনীক সিফালে পাৰ কৰাই থ’মগৈ নহয়।”
মানুহবোৰ সৈমান হ’ল। আচলতে য়ান ককাই ৰিকৰ মাকৰ কথা শুনি সঁচানে মিছা নিজে পাহাৰৰ সিফালে কি আছে চাই আহিছিলগৈ। এতিয়া মানুহবোৰক পতিয়ন নিয়াবলৈহে ডেকাহঁতক পঠিয়াইছে।
কিবা এটা হোৱা বুলি গম পাই তিৰোতামখাও আহি ওলালহি। তিৰোতাজাকে ৰিকহঁতক দেখা পাই তেনেই তবধ মানিলে। ৰঙে বৰণে ধুনীয়া ৰিকৰ মাকৰ স’তে ল’ৰা-ছোৱালীকেইটালৈ হেঁপাহ পলুৱাই চাই থাকিল।
তেনেতে ডেকাকেইটা ওলালহি। মানুহবোৰে কিবা এটা জনাৰ হেঁপাহত সিহঁতৰ মুখলৈ চাই থাকিল।
সিহঁতে ক’লেহি— “সেইফালে মানুহৰ সঁচ নাই। চকুৰে নমনা দূৰ দূৰলৈকে মুকলি। শুকান নৈ এখন লৈ দুয়োফালে পিতনি, জলাহ। বোকা-পানী মানুহ নেলাগে জীৱ-জানোৱাৰো থাকিব নোৱাৰে।”
মুখিয়াল এজন চিঞৰিলে—
: “সিহঁতৰ বান্ধ খুলি দে। ঠিক হ’ল সিহঁত আমাৰ লগতে