পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

মুখিয়ালৰ লগত পতা কথাবোৰ এটাই শুনি কেইটামানক কৈছিল আৰু সিহঁতে আজিপুৱাই আহি ৰিকহঁতক ধৰি পেলাইছিলহি।

 বানচাই দেখিলেহি মানুহ কেইটামানে পথাৰখনত ৰিক আৰু ৰিকৰ মাকক নিনৰ স’তে জপতিয়াই বান্ধি কিবা সোধা-মেলা কৰি আছে। সি গৈ ৰিকহঁতৰ ওচৰ পালেগৈ। মানুহবোৰক ক’লে—“তহঁতে একো নকৰিবি। ককা আহি আছে, কি কৰে কৰিব।” খাক্‌লাহঁতো গৈ বানচাৰ ওচৰত থিয় হ'ল।

 দলপতিৰ পুতেক কাৰণে মানুহকেইটাই একো নেমাতিলে।

 মুখিয়ালকেইজনক লৈ য়ান ককা আহি পালেহি। মুখিয়ালবিলাকে ৰিকহঁতক ভালকৈ চাবলৈ ধৰিলে। এটা-দুটাকৈ এলেকাৰ মানুহবোৰো লৰি-ঢাপৰি ওলালহি। কি হৈছে সিহঁতে জনা নাছিল। ডাঙৰ কিবা এটা যে হৈছে বুজি পালে। ৰিকহঁতক দেখি আচৰিত হ’ল— যুঁজত হৰা মতা মানুহ বান্ধি থোৱা দেখিছে। তিৰোতা মানুহ বন্ধা আজিলৈকে দেখা নাই। সিহঁতৰ মাজত হুলস্থুল এটা হ’ল।

 মুখিয়ালবিলাকে মানুহবোৰক মনে মনে থাকিবলৈ ক’লে। এজনে য়ান ককাই কোৱা কথাবোৰ বিৱৰি ক’লে। তাৰ পিছত সিহঁতৰ কি ৰায় সুধিলে।

 মানুহবোৰৰ মাজত আকৌ গুণগুণনি উঠিল। শেষত এজনে ক’লে— “কথাটো ডাঙৰেই। শতৰু নহয়। অসহায় তিৰোতা। ল’ৰা- ছোৱালীকেইটাও সৰু। মুখিয়ালসকলে বিবেচনা কৰি ভাল হোৱাটোকে কৰক।”

 মুখিয়াল এজনে ক’লে— “আমি বিবেচনা কৰি এলেকাতে ঠাই অকণ দিম বুলিছো।”

 মানুহবিলাকৰ মাজৰে এজনে ক’লে—

 : “বেলেগ এলেকাৰ মানুহ এলেকাত থাকিব নোৱৰাটোৱে নিয়ম দেখোন।”