পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

পৰাই তাক চাই থাকিল। দেওলগা হাবিত সি সোমোৱা দেখি তেওঁ বিচূৰ্তি খালে। হাবিত সোমাই তেওঁ প্ৰথমে উৱাদিহ পোৱা নাছিল। বহুতো ঘূৰা-পকা কৰিহে পিছত এইখিনি ওলাইছেহি।

 য়ান ককাই বানচালৈ চাই থাকিল। সি থিয় হৈ থাকিব নোৱাৰি বহি পৰিল। য়ান ককাই ৰিয়ানাৰ ডিঙিত ঝাক গাঁঠি দিয়া মালাডাল আৰু কঁকালত বানচাক বনাই দিয়া পশুৰ হাড়ৰ চোকা ছুৰিখন দেখা পালে। বানচাই দেখিলে— মূৰত পাথৰৰ দীঘল টুকুৰা বান্ধি তাৰ লগতে কাঠ-বাঁহৰ টুকুৰা, জেং আৰু শুকান ছাল বান্ধি লোৱা কাঠৰ টাঙোন ডাল জ্বলাই দুই হাতেৰে ধৰি ৰণচণ্ডী ৰূপত ৰিকৰ মাক দৌৰি আহিছে। এনেদৰে জ্বলাবলৈ সুবিধা কৰি থোৱা টাঙোনবোৰ ৰিকৰ মাকে দ’ম কৰি থয়েই। জুই নুমালেও কাঠডালৰ আঙঠা আৰু ক’লা শিলৰ টুকুৰাবোৰ ভয়ানক হৈ উঠে। য়ান ককাই ঘূৰি চালে। তেওঁ বাৰুকৈয়ে আচৰিত হ'ল। এজনী ওখ-ডাঙৰ তিৰোতা। গাত পশু ছালৰ পোছাক। আগে পিছে ওলমি আছে দীঘল চুলিবোৰ। মূৰত বন্ধা পশু ছালৰ ফিটাত ঘনকৈ গুজি থৈছে বিষাক্ত কাঁইট থকা বাঁহগছৰ দীঘল কাঁইটবোৰ। কঁকালত ওলমি আছে শিলৰ দা।

 মানুহজনীৰ হাতত দপ্‌দপ্‌কৈ জ্বলি থকা জুইকুৰা দেখি য়ান ককা পিছ হুঁহকি আহিল। জুইকুৰাৰ পৰা ওলাইছে সহ্য কৰিব নোৱৰা গোন্ধ আৰু চকু পোৰণি তোলা ধোঁৱা।

 বানচাই দৌৰ মাৰি ৰিকৰ মাকক গবা মাৰি ধৰিলেগৈ, সি ক'লে— “মোৰ ককা, মোৰ ককা, বৰ ভাল।”

 ৰিকৰ মাক ৰৈ গ’ল। তেওঁ য়ান ককালৈ চাই থাকিল। পেটে পেটে ভয় খালে। কিবা শাস্তি পাব লগীয়া হয় বুলি। তেওঁ হাতৰ জুইডাল দূৰলৈ দলিয়াই দিলে। ওচৰ পোৱা ৰিকৰ পৰা কেঁচুৱাটো লৈ উভতি গ’ল। ৰিক আৰু ৰিয়ানাও তেওঁৰ ওচৰ পালেগৈ।

 য়ান ককাই চাৰিওফালে চালে। অন্য মানুহ দেখে নেকি উমান