পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি


উলিয়ায়। ৰঙচুৱা শিলৰ টুকুৰা নিচিনা এই নিমখৰ জুতি পাই মানুহবোৰেও বিচাৰি বিচাৰি লয়। গুৰি কৰি কাঠৰ চৰিয়াত দ’মাইহি। মঙহৰ লগত খাবলৈ ভাল। বৰ জুতি লাগে।

 চিকাৰৰ মঙহবোৰ থানথিত লগাই খুড়াকহঁত জুহালৰ কাষত বহিলহি। বানচাৰ মাক আৰু খুৰীয়েক দুজনীয়ে কাঠৰ চৰিয়াত মঙহ এসোপা সিজাবলৈ লৈ আহিল। মঙহ সিজোৱা জুহাল বেলেগ। শিলৰ বুকুখন খোলা কৰি সজা মস্ত কেৰাহী এটা সেই জুহালৰ ওপৰত সদায় থাকেই। তলত জুই দিলেই হয়। বান ভাবিলে সি সিজোৱা মঙহ লৈ কাইলৈ দেওলগা হাবিলৈ যাব।

 জুইত হাত সেকি বানচাৰ খুৰাক এটাই ক'লে—

 : “সৰু চিকাৰ কৰিবলৈ ভাল, পিছে ডাঙৰ চিকাৰ কৰিবলৈ গাঁত খন্দা, খেদি আনি চিকাৰ তাত পেলোৱা, খুচি-বিন্ধি মৰা এইবোৰ আৰু ভাল নলগা হৈছে। সময়ো যায়।”

 আন এটাই শলাগিলে বোলে—

 : “ভেৰা, গাহৰি এগাল সৰহকৈ আনি সাঁচি সাঁচি খাব লাগে ইফালে খেতিকে কৰি পেট পূৰাব লাগে।”

 সিহঁতৰ কথা শলাগি বানচাৰ পিতাকে কচলে—

 : “চিকাৰৰ পিছত দৌৰাতকৈ হাবি ভাঙি পথাৰ উলিওৱাই ভাল।”

 য়ান ককাই ক'লে—

 “জাৰত দিনতে হাবি বনবোৰ শুকায়। ডাঙৰ হাবি কাটিবলৈও সুবিধা। এইবাৰেই সেই হাবিখনৰ এফাল কাটি এলেকাটো বঢ়াব লাগিব।”

 খুৰাকহঁতে শলাগিলে। বৰনৈৰ ফালে থকা হাবিখনৰ কথা য়ান ককাই কৈ থৈছিল। বানচা উচপ খাই উঠিল। ডাঙৰ হাবি?? দেওলগা হাবি নহয়তো?

 তাৰ মুখেদি ওলায়ে গ’ল—