খাক্লা পিছলি গৈ খালত সোমালগৈ। সি কক্বকাবলৈ ধৰিলে। চিঞৰ- বাখৰ কৰি গোটেই জাকে চাই থাকিল।
বানচাই মৰসাহ কৰি বুৰ মাৰি তাৰ ওচৰ পালেগৈ। তাৰ দীঘল চুলিকোছাত ধৰি সাঁতুৰি বাম পানীলৈ লৈ আহিল। বানচাও কোনোমতেহে বাচিল, দুয়োটা চাকনৈয়াত পৰিব খুজিছিল। নাৱত তুলি তলমূৰকৈ খাক্লাৰ পেটৰ পানী উলিয়ালে। পোনকৈ বহুৱাই পিঠি মোহাৰি উশাহ আনিলে। খাক্লাই ভালকৈ ভয় এটা খালে। বানচা নোহোৱা হ’লে তাৰ কি দশা হ’লহেঁতেন? লাজতে সি বানচালৈ চাব নোৱৰা হ’ল। গোটেইমখাই ক’বলৈ ধৰিলে— ‘বানচাই তোক বচালে।”
খাক্লাই একো মাতিব নোৱাৰিলে৷ সি বানচাৰ হাতখন সাৱটি ধৰি চকুপানী মোহাৰিলে। বানচাই ক’লে— “হ’ব দে। সাঁতোৰাটো ভালকৈ শিকি পেলাবি।”
নাও এৰি সিহঁতে পানীৰ কাষে কাষে খোজকাঢ়ি মাছ ধৰিবলৈ গ’ল।
সকলোতকৈ আগত হাতত ধৰাধৰিকৈ গ’ল বানচা আৰু খাক্লা ।
(১০)
এলেকাটোত মানুহ বাঢ়ি গৈছে। একেলগে পথাৰত শইচৰ খেতি কৰা, ভাগ বটোৱাৰ আহুকাল হৈ যে আহিছে য়ান ককাই মন কৰিছে। কিছুমানে কাম কৰে কিছুমানলৈ কাম ভাগতে নপৰে। শইচ বিলোৱাৰ সময়ত কাজিয়া-পেচাল হয়। সেয়ে মুখিয়ালবিলাকৰ লগত তেওঁ কথা পাতিলে ।
মুখিয়ালবিলাকে য়ান ককাৰ কথাবোৰ হয়ভৰ দিলে আৰু তেওঁৰ কথা মতে পৰিয়ালবোৰক সমানে সমানে মাটিবোৰ ভগাই দিয়াটো
ঠিক হ’ল। নিজৰ পথাৰত নিজে খেতি কৰি ল’ব পাৰিব।