পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

দুটা ভৰি ওলোমাই বহি ল’লে৷ পিছত দুই হাতেৰে ডালটোত ধৰি দুফালে দুটা ভৰি ওলোমাই বহি ল’লে। সি ডালে ডালে বগাই মধুৰিকেইটামান ছিঙি তললৈ দলিয়ালে।

 এইবোৰ কৌশল তাক য়ান ককাই শিকাবলৈ লৈছে। কেনেকৈ

ওলোটা খৰ মাৰিব লাগে, গড়খাৱৈ পাৰ হ’বলৈ জাঁপটো মাৰোতে

কেনেকৈ গাটো আগলৈ হলাই ল’ব লাগে, গছৰ ওপৰৰ পৰা তললৈ জাঁপ মাৰোতে ভৰি দুটাৰ সমতা ৰাখি কিমান আঁতৰত ল’ব লাগে, বাগি দি সৰা, পানীত সাঁতোৰা, পানীৰ তলত ফোপোলা নলীৰে উশাহ লৈ থাকিব পৰা, ভয় খালে উশাহটো বুকুত লৈ দীঘলকৈ উশাহ এৰা আদি ঢেৰ কৌশল। গাত জোৰটো বেছি হ’বলৈ য়ান ককাই তাক সিজোৱা মঙহৰ জোল আৰু মৌ ঢলা গাখীৰ সৰহকৈ খাবলৈ দিয়ে। বানচাৰ লগতে তাৰ লগৰীয়াহঁতকো য়ান ককাই শিকায়।

 কোনোবাখিনি পোৱাগৈ য়ান ককাক বানচাই লগ ধৰিবলৈ গছৰপৰা জঁপিয়াই ফলবোৰ বুটলি ল’ব ধৰিলে।

 বানচাহঁত যেতিয়া ঘৰ পালেহি মাক আৰু বৰমাকহঁতে গাখীৰ