পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বান্‌চায়ান ককা আৰু এখন দেওলগা হাবি

এটাৰে ওফৰাব পাৰিলেই জিকে। কিছুমানে এবেগেতমান দীঘল টুকুৰা এটা ওপৰলৈ দলিয়াই দিয়ে এটাই দুহাতমান দীঘল মাৰি এডালেৰে ওফৰাই কিমান দূৰত কোনে পেলাব পাৰে খেলটো খেলে। ছোৱালীবোৰে বহি বহি খেলা খেল কিছুমান খেলে। কাৰণ সিহঁতৰ কোলাত কেঁচুৱা ভায়েক-ভনীয়েকবোৰ থাকেই। জাপ মৰা খেল এটাও ল’ৰাহঁতৰ বৰ ভাল লগা খেল। খেলবোৰত যিয়ে বেছিকৈ জিকে সি সিহঁতৰ মাজত মান পায়। খেলবোৰত বানচাই বেছি জিকে বাবে তাৰ মানো আছে, নামো আছে।

 পিছে খেল-ধেমালিতে ল’ৰা-ছোৱালীহঁত নেথাকে। ডাঙৰে কৰা

কামবোৰো হাত পাতি লয়।

 বানচাই আজি নেখেলিলে। সি তাৰ নলে-গলে লগা সমনীয়াৰ লগত নৈৰ পাৰত শামুকৰ খোলা বিচাৰিবলৈ গ’ল৷ পালে জীয়া শামুকো বুটলিব। সৰু-ডাঙৰ শামুকৰ খোলাৰে গুঠি লোৱা মালা ডিঙিয়ে-