বিচাৰিছিল। পিছে এতিয়া ককাকলৈ তাৰ মৰম লাগি গ’ল। সি দৌৰি গৈ ককাকৰ ডিঙিত পিছফালৰ পৰা সাৱটি ধৰিলে। ককাকে টান মাৰি তাক বুকুত সুমুৱাই ল’লে। তাৰ পিছত কাষত বহুৱাই ক’লে— “তই সমনীয়াৰ পৰা ভেৰাটো কাঢ়িলি কিয়?”
বানচাই ক’লে—
: “সি নিবলৈ বিচাৰিছিল কিয়?”
: য়ান ককাই হাতৰ চাৰিটা আঙুলিৰে হিচাবটো দেখুৱাই ক’লে—
: “তোৰ নামত— ইমানটা আছেই দেখোন!”
: “আৰু লাগিব!” সি ক’লে৷
: “নিজে ধৰি ল’বি।”
ককাকৰ কথা শুনি তাৰ চকু চলচলীয়া হ’ল—
: “তই লোকক বেছি ভাল পাৱ।”— সি ক’লে।
: “বৰ বেয়া কথা, বৰ বেয়া কথা।” য়ান ককাই মূৰ জোকাৰি ক’লে। পুতেকে দলপতি হৈ যাঠিকেইপাত ৰাখি থৈছে। ভেৰাবোৰ ৰাখি থৈছে। দলপতি হ’লে ভাল হ’ব লাগে। য়ান ককাই ভাবিলে— আগতে এনে হোৱা নাছিল। দলপতি তেওঁ নিজে আছিল। ভগাব নোৱৰা কম বস্তুবোৰ উমৈহতীয়া ঘৰত থৈছিল। যাকে দৰকাৰ হয় নি আকৌ থৈ যাব লাগে।
ককাকৰ মনটো বানচাই হ’লে একো বুজি নাপালে। সি মন মাৰি থকা ককাকলৈ চাই থাকিল।
(৩)
ৰাতিপুৱাৰ ৰ’দটো ওলাই আহিল। ল’ৰা-ছোৱালীমখা কিৰিলি পাৰি ওলাই আহিল। সিহঁত মুকলিত থকা গছকেইজোপাৰ তল পালেগৈ। সেই মুকলি ঠাইখিনি সিহঁতৰ খেলা ঠাই। খেলবোৰ সিহঁতে নিজে নিজে উলিয়াই লোৱা। কিছুমানে মাটিত ঘেৰ এটা আঁকি সোঁ মাজত শিলগুটি এটা থয়। দহফুটমান আঁতৰৰ পৰা অন্য শিলগুটি