পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৯ ]


পৰা ভাঙা শিল, কাচ, লোহা ছিটিকি ছিটিকি আহে, আঙঠাৰ দৰে ৰঙা; আৰু চপৰা-চপৰে মাটি ছিটিকি যায়।

 চিপাহীবিলাকে মনে মনে গড়খাৱৈৰ তলত পেট পেলাই বহি আছে। কিছু পৰৰ মূৰত এই আৱাজ কিছু কম পৰিল। তেতিয়া হুকুম হল—“গুলি কৰ।”

 গুলি-গুলি-গুলি—কেৱল গুলি। বৰ খৰকৈ টিনৰ ঘৰত শিল পৰিলে যেনে খত খত খত শব্দ হয়, তেনে শব্দ। গুলি-গুলি⸺সকলোৱে যিমান পাৰে, যিমান খৰকৈ পাৰে গুলিকে কৰিছে।

 বেণ্টুমণিয়েও গুলিকে কৰি আছে। কেতিয়া যে তাৰ ওচৰৰ আটাইবিলাক মানুহ মৰি গল, আৰু বিপক্ষৰ সেনাই আহি তাহাঁত থাকা গড়খাৱৈৰ ওচৰ পালে সি কবই নোৱাৰে। সি গুলি কৰিব লাগে গুলি কৰিয়েই আছে।

 এনেতে এটা গুলি আহি তাৰ হাতত লাগিল; তাকো সি কব নোৱাৰে; আৰু এটা আহি তাৰ পেটত পৰি পেট ফুটিল, তেতিয়াও তাৰ তত নাই। সি গুলি কৰিয়েই আছে। তাৰ পাচত আৰু এটা আহি তাৰ চকু এটাত পৰিল; তাৰ চকু ওলাই গল। এখন হাতেৰে চকু মোহাৰি ইটো চকুৰে চায় যে তেজ! তাৰ ধাতু উৰি গল! এক মুহূৰ্তৰ কাৰণে তাৰ চুৰ্তি হল যে সি যুদ্ধ কৰিছে, গুলি কৰিছে, তাৰ পাচত মূৰ্চা।