এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৮ ]
অলপ পাছতে ৰেল আহিল। সকলোবোৰ গিৰ-গিৰকৈ গৈ ৰেলত উঠিল। ৰাতি ৰাতিটো ৰেল গল। পুৱা এখন ঠাইত ৰেল থামিল আৰু তাহাঁতকো নমাই দিলে। তাতে কোনোবাই অলপ চাহ ৰুটি খাবলৈ দিলে। চিপাহী- বিলাকে খালে।
খোৱা হোৱা মাত্ৰকে হুকুম দিলে ‘মাৰ্চ” ‘মাৰ্চ’- ‘মাৰ্চ-‘মাৰ্চ। নিচিনা নজনা ঠাই। গাওঁবিলাক চাফ-চিকন; বাটবিলাকো ভাল। কিন্তু মানুহ কম। আধামান ঘৰ শূন্য। কিন্তু যতে যি মানুহ আছে সকলোৱে সিহঁতক চাবলৈ আহে। অবুজা ভাষাৰে কিবা কথা কয়; আৰু মাইকীবিলাকে মৰম কৰে।
এনেকৈ দিনটো গৈ সিহঁতে এখন ঠাই পালে। তাত ঘৰ-দুৱাৰ বন-জংঘল একো নাই। সেই ঠাইৰ এটা ডাঙৰ দীঘল গড় খাৱৈত তাহাঁতক সুমাই দি কলে, এয়ে যুদ্ধ। যুদ্ধ কৰিব লাগিব। হুকুম পালেই গুলি কৰিবি।
(৪)
গুৰুম্ গুৰুম্ কৰি কাণ-ফালা আৱাজ হল। আৰু আৱাজৰ উপৰি আৱাজ। শ শ, বজ্ৰ একেলগে পৰিলে যেনে ভয়ঙ্কৰ শব্দ হয় তেনে। তাৰ লগতে চাৰিও ফালৰ