( ৩ )
এই দৰে শেঠৰ লগত তাৰ বহু দিন গল। সি চিকিৎসাত ভাল হল। যি লৰাটোক সি কুকুৰৰ হাতৰপৰা বচাইছিল, তাৰে দহ বাৰ বছৰ বয়স হল।
এনেতে লাগিল মহা যুদ্ধ। পঞ্জাবত সৈন্য হৈ যোৱা মানুহ বহুতো ওলাল। এদিন কাৰবাৰ লগত আহি বেল্টু- মণিও সৈন্য দলত ভৰ্তি হল আৰু লাহোৰ পালে গৈ। তাত তাৰ দীঘল বহল ওজন জুখিলে, চকু চালে, বুকত ৰবৰৰ নলি লগোৱা কিবা এটাৰে বুকু খন চালে। সি সৈন্যৰ উপযুক্ত হল। সি দস্তুৰ মতে চিপাহী হল; আৰু তিনি চাৰি মাহৰ ভিতৰত বহুত চিপাহীৰে সৈতে জাহাজ এখনত সাগৰৰ মাজেদি কৰবালৈ গুচি গল।
কেইবা দিনো গৈ এখন দেশত জাহাজ লাগিল। মানুহে কলে, এইখন দেশ ফ্ৰান্স; আৰু ইয়াতেই যুদ্ধ লাগিছে।
তাহাঁত তাতে নামিল। সেই দেশৰ সকলো মানুহ চাহাব বা মেম। আৰু এই চাহাব-মেমবোৰে বেল্টু- মণিক আৰু আন আন চিপাহীবোৰক মৰম কৰি কিবা কিৰি খাব দিলে। কিন্তু বেল্টুমণিয়ে জাত যাবৰ ভয়ত সেইবোৰ একো নাখালে। চৰকাৰৰ পৰা আটা, ঘিউ আৰু দালি যি দিছিল তাৰেই টিকিৰা তৈয়াৰ কৰি খালে।