কলেৰাত ভেটি উচন হয়; আইত ঘৰে ঘৰে সৰ্বনাশ হয়; আৰু পচা পানী, সেমেকা হীৰা, গীয়া জঙ্ঘলীয়া দেৱে অনেকক সি পুৰীৰ ট্ৰেন গাৰীত তুলি দিয়ে। তথাপিতো ‘বেল্টু-মণি’ নমৰিল, ডাঙৰ হল, অৰ্থাৎ দহ বছৰ মান বয়স হল।
সেই সময়ত কিবা এটা হাপাহ লাগিছিল, ছলি ধৰাৰ। ৰেলৰ আলি বন্ধাবলৈ কোম্পানীয়ে লাখে লাখে টকা খৰচ কৰে। বেকী, পাগলাদিয়া বান্ধি ৰাখিব নোৱাৰে। সেই দেখি বোলে কোম্পানীয়ে ন টা লৰা বলি দিব খুজিছে। ছলি ধৰিবৰ কাৰণে মুৰত পাগুৰি বান্ধা, ঠেঙত ঠেঙা আলোৱা, মুখত দাৰি-গোফে ভবঃকাৰ, দীঘল ডাঙৰ বহুত পঞ্জাবী মানুহ চাৰিও ফালে ঘূৰি ফুৰে।
সকলোৱে ছলি-পলিক আন্ধাৰ নৌহওঁতেই ঘৰত সুমাই থয়; আন ফালে যাব নালাগে, চকুৰ আঁৰ হবকে নিদিয়ে। কিন্তু বেল্টু-মণিক চায় কোনে? সি দপ্ দপ্ কৰি চাৰিও- ফালে ঘূৰি ফুৰে।
এদিনাক পতি বেল্টু-মণি সেই গাওঁত নোহোৱা হল। যি যি বাটে সি যায়, যাৰ ঘৰত লৰাক জোকোয়, যত যত বহি থাকিলে এৰা-ৰোৱা ভাত এমুঠি পায়, সেই বোৰ ঠাইত এদিন নহয়, দুদিন নহয় বেল্টু-মণিক দেখিবলৈকে নোহোৱা হল। সকলোৱে ভাবিলে— তাক ছলি-ধৰাই নিলে; আৰু কি জানি কোনোবা নদীৰ দলং বান্ধিবলৈ