কবিয়ে মাত লগালে, “বাজিকৰ যদি বোলা কবি কালিদাস;
যি প্ৰকৃত-অপ্ৰাকৃত, ঋষি-ৰজা, দেৱতা-মানুহ একেলগে
মিহলাই কি এক বিচিত্ৰ সংসাৰ সৃষ্টি কৰিলে; যি সংসাৰত
প্ৰত্যেক বৃক্ষে মধু ক্ষৰণ কৰে, প্ৰত্যেক পক্ষীয়ে মধুৰ
সংগীত গায়, প্ৰত্যেক বস্তুএ মধুৰ প্ৰেমত উত্ৰাৱল হয়, আৰু
প্ৰত্যেক মানৱৰ আত্মা ৰূপ-ৰস-গন্ধত ভৰি আমোল-মোলাই
থাকে। প্ৰকৃত বাজিকৰ কালিদাস।”
ধাৰ্মিকে কলে, “বাজি যদি বোলা গীতাৰ। প্ৰতিটা আখৰতে, এনে কি এটা আকাৰ বা অনুস্বাৰতে কিমান অৰ্থ গাজ খাই আছে।”
ৰাজনীতি বিশাৰদে উক্তি কৰিলে, “পৃথিবীত এই যুগত বাজিকৰ জন্মিছে দুজনা। মাহাত্মা গান্ধি আৰু লয়েড জৰ্জ। অকণ মান মানুহজন; গাত নাই বল, নাই তেজ! তেও নো এই মানুহ জনে ভাৰতবৰ্ষৰ দৰে বিশাল দেশখনক কি শক্তিৰে এনেকুৱাকৈ তলমলাই তুলিছে হে!
আৰু লয়েড জৰ্জ! বৃটিছৰ পোৱালিৰ বাহাদুৰি হলে হয়। চোৱাচোন গোটেইখন পৃথিবীকে ভুৱা দি কেনেকৈ মহাযুদ্ধৰ সকলো লাভ নিজৰ জাতিলৈ টানি নিলে।
অ-পণ্ডিত দুই এক সমাজত আছিল। তেওঁ লোকে এদণ্ডৰ ভিতৰতে আমাৰ বাট্ঠিৰপৰা গছ ওলাই আম পকাৰ