হৰিণীএ তৎক্ষণাৎ বুজিলে কি হল। দেহাত জীউ নোহোৱা হৈ তাই সি শুই থাকা ঠাইলৈ দৌৰি আহিল। তাৰ গাৰ তাপত তেতিয়াও ঠাই খিনি তপত হৈ আছে; আৰু তাৰ গাৰ গন্ধত মোল-মোলাই আছে। তাই চালে, তাত তেজ নাই; মনতে ভাবিলে “গোঁসায়ে কিজানি না ইবাৰলৈ ৰক্ষা কৰিছেই।”
তথাপিতো তাই হৰিণ যোৱা বাটেৰে লৰি গল। অলপ গৈয়ে দেখে, তেজ! চুলিৰ আগেৰে তাইৰ জীউ উৰি যোৱা যেন হল। হায় কি কুক্ষণত আজি তাই এনে অশ্ৰাব্য কটু কথাটো কৈছিল। তাইৰ জ্ঞান নোহোৱা হল; চুৰ্তি হৰাল।
“আজি ময়ো তোৰ লগতে মৰোঁ” বুলি হৰিণীএ হৰিণৰ পাছে পাছে লৰ দিলে। লৰি লৰি বিলৰ পাৰৰ ভেৰৰ ওচৰ পালে। তাত গৈ দেখে ভেৰৰ গাভৰুএও হৰিণৰ ফাললৈ চাই কি-কৰোঁ কি-নকৰো, কি -হৈছে কি-নহৈছে বুলি তথা লাগি চাই আছে।
গাভৰুক দেখি হৰিণীৰ শোক উথলি উঠিল। তাই এই জনীকো অন্যায় কৰা নাই নে। দুয়ো লগ লাগিল; কথা হবৰ আৱশ্যক নহল। দুয়ে দ্বিতীয় বাৰ লৰি হৰিণ যি ফালে গৈছিল, সেই ফাললৈ লৰ দিলে।
এনেতে হৰিণৰ মূৰত সেই ভীম টকোনৰ প্ৰহাৰ। তাৰ আৰ্তনাদে আকাশ ভেদি গল; আৰু তাহাঁতৰ বুকত যেন