চাৰি-পাঁচোটাকৈ মানুহ। তাৰে দুটা মানুহক যেন দেৱে ধৰিছে, তাহাতৰ গাৰ ঠৰকা-চুতি নাই, চকু ৰঙা আৰু উজ্জ্বল; হাতত বন্দুক লৈ কঁপিছে।
কাৰ বন্দুক কাৰ গাত লাগিল সি কবই নোৱাৰি “হৰিণী ঔ” বুলি চিঞৰ মাৰি ঘৰৰ ফালে এটা কি দুটা লাফ মাৰিলে।
এনেতে তাৰ মনত পৰিল, তাৰ সন্তান দুটিৰ কথা, মৰমত পমি যোৱা হৰিণীৰ কথা, আৰু নন্দনৰ কুঞ্জৰ সদৃশ, তাৰ থাকা ঘৰটোৰ কথা। সি যদি ঘৰৰ ফালে যায়, তেন্তে এই ৰাক্ষস কেইটাই ছলি-পলি সমন্বিতে ঘৰখনকে টলাস্তি নকৰিব নে?
সি ফিৰিল। বিদ্যুৎ সঞ্চাৰে ঘৰৰপৰা ওভোটা ফালে লৰ মাৰিলে। তেতিয়া দেখিলে গুলি তাৰ গাতেই লাগিছে; তাৰ গলধানাৰ পৰা চৌ-চৌকে তেজ ওলাইছে। সি ভয়, আশা, নিৰাশা, বেজাৰত উধাতু খাই আৰু লৰ দিলে।
লৰি গৈ বিলৰ পাৰৰ ভেৰৰ ওচৰত বাগৰি পৰিল; শক্তিয়ে আৰু নুকুলায়। ভাবিলে কি জানি ৰাক্ষসহঁতে ইমান খিনি খেদি আহি নাপাব; আৰু প্ৰাণ যায় যদিও কি জানি ভেৰৰ সেই গাভৰু জনী, তাই আহি অন্তিম সময়ত তাক অলপ পতি কৰিব পাৰেই।