জীপাল সৌন্দৰ্যই তাৰ প্ৰাণটোক উদাৰ কৰি তোলে, যিমানে আকাশে বননিয়ে নতুন ৰূপ ধৰি তাৰ অন্তৰতম আত্মালৈকে পুলক তুলিব খোজে, তিমান তাৰ মনত পৰে হৰিণীলৈ। আজি তায়ো লগত থাকা হলে, কিমান সন্তোষৰ কথা হলহেতেন।
সেই দেখি বিলৰ পাৰৰ ভেৰলৈ যোৱা নহল। কিন্তু ইমান অভিমান কৰি আহি নো ঘৰলৈ ফিৰে কেনেকৈ? সি ঘৰৰপৰা অলপ আঁতৰলৈ আহি অলপ হাবি থাকা ঠাইত আগৰ ঘুলি এটা বিচাৰি উলিয়ালে। ৰোদৰ পাছত বৰষুণ পৰি শুকান মাটিৰ সুগন্ধই আকাশ ছানি ধৰিছে। সি তাতে নিঃপয় দি শুলে; কিন্তু মূৰটো ডাঙি চাই থাকিল তাৰ ঘৰৰ ফাললৈ। তাৰ ঘৰ তাৰপৰা দেখি।
তাৰ মনত কিমান সুখ-দুখৰ কল্পনা। তিৰী জাতি অতি নিষ্ঠুৰ, নিকৰুণ, একো নুবুজে! তাৰ মনৰ কথাতো হৰিণীএ ইমান দিনে বুজিব পাৰা নাই নে? আৰু সি ইমান খং কৰি ঘৰৰপৰা ওলাই আহিল, সিজনীএ নো এবাৰ ফিৰিও চাব নাপায় নে?
এই দৰে সি নানান কথা ভাবি, অভিমান, খঙত আৰু মৰমত কি-কৰোঁ কি-নকৰোঁ হৈ আছে; আৰু ডিঙি মেলি তাৰ ঘৰৰ ফালে চাই আছে; তাহাঁতে নো কি কৰে।