তেতিয়া জংঘলৰ গছে গছে নতুন কোমল পাত, লতাই লতাই কুসুম-পুলক; ঘাঁহবোৰৰ কোমল সেউজীয়া বৰণ; বতাহ কঁপি কপি আহে আৰু যায়; আৰু নিজৰাৰো নতুন প্ৰাণ, নাচি নাচি শীতল পানীৰে, সুললিত সুৰেৰে, বননি জুৰ পেলাই, আকুল কৰাই, কৰবালৈ গতি কৰে। তেতিয়া বেলি ডুব যায় যায়, এনে পৰ। গছৰ পাতৰ মাজেদি সূৰ্যৰ কিৰণবিলাকে মণি-মুক্তাৰ মালাৰ দৰে সমস্ত বননিতে এক অপৰূপ জেউতি চৰাই দিছিল। দুয়ো দুই ফালৰপৰা আহিল, পানী খাবলৈ, পিয়াহ পলুৱাবলৈ। বিধিৰ বিধান; তাতে দুয়ো দুয়োৰো অন্তৰৰ পিয়াহ বুজি পালে; আৰু স্বৰ্গৰ ঋষিৰ দৰে দুয়ো দুইতো সন্তোষ পাই, তৃপ্তি পাই, প্ৰথম মিলন তীৰ্থক্ষেত্ৰতে থাকিবলৈ ললে।
কোন কাহানিৰ কথা সি, মনত নপৰে। সেই দিনাৰ পৰা হৰিণৰ আন চিন্তা নাই— হৰিণীৰ চিন্তা আৰু সন্তান দুটিৰ ভাৱনা। তথাপিতো, ইমানতো, অবিশ্বাস। তাৰ মনত বৰ অভিমান হল।
সি বেছি একো নকলে— “বাৰু তোমাৰ খুছি”, এই বুলি সি ঘৰৰ পৰা ওলাই আহিল।
(৩)
ওলাই আহিল হয়; কিন্তু যায় কেনেকৈ? যিমানে সি কোমল ঘাঁহ দেখে, যিমানে আকাশৰ স্নিগ্ধ কোমল