কথাটো হলে সঁচা হয়। বিলৰ পাৰৰ ইকৰাৰ ভেৰত আচলকৈ ধুনীয়া গাভৰু জনী থাকে; আৰু সুন্দৰ দেখিলে জীয়াত চকুৱে কেতিয়াবা নোচোৱা কৰি থাকিব পাৰে জানো? হৰিণে চায়। কিন্তু চায় হে; ছলিয়ে আকাশৰ জোন নাচায় জানো, ফুলে ফুলৰ ফালে চাই নাথাকে যে, আকাশে জানো শৰৎ কালৰ তন্বী নদীলৈ চাই থাকি মোহ নাযায়! সেই চোৱা।
কিন্তু-প্ৰগাঢ় প্ৰণয়-পদুম-ফুলটিৰ কাঁইটো আছে; সি ঈৰ্ষা।
হৰিণৰ মনত বৰ অভিমান হল। সি কাহানিৰ কথা, প্ৰায় মনতে নপৰে। তাৰ মাক-বাপেকৰ কি হল সি নাজানে, আৰু তায়ো নাজানে তাইৰ মাক-বাপেকৰ কি হল। অহু- কাণে পহু-কাণে শুনিছিল মুঠে, যে ওচৰৰে কোনোবা বৰ ডাঙৰীয়াৰ ঘৰত সকাম হৈছিল, কোন কাহানিবাই; আৰু বহুত মানুহে জাল, বন্দুক, হাতী লৈ জাৰনিত সোমাইছিল। সেই দিনা হৰিণৰ বংশত মৰক লাগিছিল। কোনেও দেখা নাছিল যে তাহাঁতৰ মাক-বাপেকক কোনোবাই মাৰি নিলে। কিন্তু আটাইৰে অনুমান সেইটোহে।
তাৰ পাছত দুয়ো অকলে অকলে কেটামান দিন অনাই-বনাই অকলশৰীয়া হৈ ফুৰি ফুৰিছিল। এদিন এই নিজৰাৰ পাৰতে দেখা-দেখি।