বহাগ মাহত এনেকুৱা বতৰ মাজে সময়ে হয়।
হৰিণ-হৰিণী নিজৰাৰ পাৰত শুই আছিল। হৰিণে কলে— “হৰিণী, ঘাঁহবোৰৰ কোমল আগ ওলাল। আজি বৰষুণ পৰি কোমল হৈছে। বলা, আজি অলপ দূৰৰপৰা চৰি আহোঁহঁক।”
হৰিণীয়ে কলে— “এৰা, যাব পাৰিলে ভাল আছিলতোন। ইয়াত আজি অত দিনে শুই শুই গাটোও মেৰমেৰিয়া লাগিছে। পাছে, আজি যোৱাটো ভাল নহব। অথনি দুটা হাতীত আঠ-দহজন মানুহ এই ফালেদি যোৱা দেখা নাই জানো? তাতে আজি কেইদিন মানৰপৰা মোৰ সোঁ চকুটোও খৰ খৰ কৰি লৰি আছে। আন এদিন যাম বাৰু; আজিলৈ থাওক।”
হৰিণে উত্তৰ দিলে— “তোমাৰ কথাবোৰ সদাই এনেকুৱাই। মই যেই দিনাই কিবা এটা কৰিব খুজিম, তুমি কিবা নে কিবা এটা উলিয়াবাই। আজি নো কি হল বাৰু, আজিয়েই যাওঁহঁক বলাচোন।”
হৰিণীএ কলে— “মোৰ কথাত নো এতিয়া সোৱাদ লাগিব কেনেকৈ? কোমল ঘাঁহ খাবলৈ যাব লাগে নে, সেই দলনিৰ ওচৰৰ ভেৰটোলৈ যাব লাগে, তাকে কওক। মই দেখিছোঁ, তাত থকা সৌ চেঙেৰী হৰিণী-জনীৰে বিলৰ কানত ফুচ্-ফুচাই কথা পাতি থাকা।