এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬১ ]
অলপ পাছতে দ্বিতীয় ঘণ্টা পৰিল। গাড়ী খন হুপ্ হুপ্ কৰি লাহেকৈ লৰিল।
চকুৱে চকুৱে পৰিল। এই জনী প্ৰথম শ্ৰেণীৰ কামৰাত এই বাবুৱনী জনী— এওঁ লতিকা নহয় নে? তবধ লাগি চাই ৰলোঁ। ৰেল প্ৰায়-প্লেট্ ফৰম্ পাৰ হল।
এনেতে চাহাব-বেশী বাবুজনে হেট্টোৰে মোৰ ফালে চাই বৰকৈ বাৱ দি মাতা দেখিলোঁ। মই লৰ দিলোঁ, খিৰকিৰ মুখত লতিকা বুলি যাক ভাবিছিলোঁ, তেওঁক ওলাই থাকা দেখিলোঁ। কিন্তু ৰেলৰ বেগ চৰিল। তেওঁ বিলাকে হাত ডাঙিলে; ময়ো কলিকাতাৰ ডাক-গাড়ী দৌৰি ধৰা অসম্ভৱ কামৰ পৰা ক্ষান্ত হলোঁ।
পিয় হৈ পাছ ফালে দেখোঁ, বঙালী এজনেও মোৰ দৰে দৌৰিছে, আৰু থিয় হৈ হেফাই-ফেপাই কৈছে—“নাঃ, আৰ পাৰা গেল না।”