মাৰ গৈ কেৱল কথা-বাৰ্তা, জলপান দিয়া, বঙালী কিতাপ কাকতৰ কথা ইত্যাদি অৰ্থহীন আলাপত ৰল গৈ।
অৰ্থহীন হয়, কিন্তু এই অৰ্থহীন আলাপো এদিনলৈকো ৰসহীন হোৱা নাছিল। ময়ো তাইৰ লগতে বাৰে ভচহু কথা পাতি বৰ ভাল পাওঁ, আৰু তায়ো মোৰ মনেৰে মোৰ লগত কথা পাতি বৰ ভাল পায়। দুদিন তিনদিনলৈকে তাইক দেখা নাপালে মোৰ মনতো বেয়া লাগে, আৰু সাক্ষাতৰ ব্যবধান কিছু দীঘল হলে তায়ো কিছু ঘনাই যাবলৈ মোক অনুৰোধ কৰে, বা নোযোৱা কথাটোত অভিমান জনায়।
আপোনালোকে তৎক্ষণাৎ সিদ্ধান্ত কৰিব পাৰে যে আমি পৰস্পৰৰ প্ৰেমত আৱদ্ধ হলোঁ। কিন্তু মুঠেই তেনে নহয়। আমাৰ বিয়া যে হব নোৱাৰে এই কথা তায়ো জানিছিল, ময়ো জানিছিলোঁ। আৰু এনেয়ে সেই বয়স-সুলত প্ৰণয়ৰ ভাৱ অলপমানো মোৰ মনত সোমোৱা নাছিল; আৰু মোৰ বিশ্বাস তাৰ মনটোও সেইদৰে শুভ্ৰ হৈ আছিল।
তথাপিতো দুয়োৰো ভিতৰত যে এনে এটা স্নেহৰ মধুৰ সম্বন্ধ ঘটিছিল, সি মনত পৰিলেই আজিও মোৰ মন হৰ্ষিত হৈ উঠে।
বোধ কৰোঁ সৌন্দৰ্যৰ প্ৰতি আকৃষ্ট হোৱা মনৰ স্বভাৱ। ধুনীয়া ফুলটিক যিদৰে ভাল পাওঁ, প্ৰকৃতিৰ কোনো সুন্দৰ