এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৩ ]
সবিতৃ-মণ্ডল-মধ্যবৰ্তী নাৰায়ণৰ ধ্যান কৰোঁতে, ধ্যান-চকুত ফুটি উঠে, ধূলা-ধূসৰিত নিপোটল সুকুমাৰ সুকোমল শৰীৰৰ এই চলন্ত আনন্দ মূৰ্তি।
পূজাৰীৰ গা শিঁয়ৰি উঠে—অতকালৰ বিগ্ৰহ; পূজাত ক্ৰুটী হলে জানোচা শিশুৰ অমঙ্গল হয়।
পূজাৰিণীএ পূজাৰ পাছত, আৰতিৰ অন্তত, সভক্তি সেৱা জনাই, সকলো বাসনা গোপালত সঁপি দিবলৈ ইচ্ছা কৰে; কিন্তু সেৱাৰ ভিতৰত মনশ্চক্ষুৰে দেখে এই গোপালক, যাৰ প্ৰাণময় হৰ্ষৰ খেলাত, মলয়ৰ বা-ত বসন্ত-ফুলনিৰ দৰে, সমস্ত অস্তিত্ব নাচি থাকে। পূজাৰিণীৰ গা কঁপি উঠে⸺ বাছাৰ বা কি অশুভ হয়।
(৫)
এই দৰে দিন যায়।
* * *
হঠাৎ আৰ্তৰাৱ শুনি পূজাৰী পূজাৰিণীএ ওলাই চায়⸺ স্নেহেৰে গঠিত আকাঙ্ক্ষাৰে পালিত সুকুমাৰ শৰীৰত সৰ্পৰ দংশন।
* * *
আকাশ কলা পৰি গল। শান্তিৰ আশ্ৰম শোকৰ
গভীৰ ছাঁই ঢাকি পেলালে।