এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুজাৰী।
(১)
ঘৰত বাল-গোপালৰ বিগ্ৰহ⸺কিমান পুৰুষৰপৰা চলি আহিছে তেওঁৰ পূজা-সেৱা, তাৰ হিচাব নাই।
পূজাৰী আৰু তেওঁ ঘৈণী। পুজাৰীএ ফুল তোলে, পূজা কৰে; ঘৈণী এ নৈবেদ্য সজায় আৰু ভোগ বান্ধে।
ৰজাৰ দিয়া ভোগধনি মাটি; ভোগৰ অপ্ৰতুল নাই। সেই ভোগৰেই দুয়ো প্ৰসাদ লয়; আয়-অতিথি মা-মগনীয়া- লৈকো এমুঠি হয়।
মূৰ্তি গোপাল সাক্ষাৎ গোপাল। তেওঁৰ নামত কল- গোপাল-ভোগ সলে হৰোৱা গৰু পায়, নৰিয়া মৃতকৰপৰা ফিৰি আহে।
পূজাৰী-পূজাৰিণীৰ এনেকৈ দিন যায়। একোৰে অভাৱ নাই;
একোৰে দুখ নাই।