‘হয় দাদা, অমৃতেই। ই অমৃতৰ এই কণা পাই অমৰ হব। আৰু ৰবা।”
এই বুলি বিষ্ণুদেৱে থুহ্ কৰি নিজৰ আঙুলিটো ফুটাই তাৰ পৰা দুগ্ধ ফেণৰ দৰে শুভ্ৰ আৰু কোমল তেজৰ বিন্দু এটা মানৱৰ শৰীৰত ভৰাই দিলে।
ব্ৰহ্মাদেৱে উচাপ খাই উঠিল। “বিষ্ণু, বিষ্ণু, কি কৰিলা; ই যে বিষ্ণু-তেজ!”
“হয় দাদা, ই বিষ্ণু-তেজ। এই তেজৰ বলতে ই সৃষ্টিৰ ৰাজা হব। এই তেজ-কণা তাহাঁতৰ গাত মন আত্মা বুদ্ধি চিত্ত আদি নানা নামত জনাজাত হব।”
(৫)
তেতিয়া বিষ্ণু-দেৱে ব্ৰহ্মাৰ জীয়েকৰ ফালে চাই কলে, “আই, তোৰ মানৱক মই অমৃতৰ এক কণা আৰু মোৰ তেজৰ এক বিন্দু দিলোঁ। ইয়াৰ প্ৰভাৱত তাৰ জীৱন ক্ষন্তেকীয়া হোৱাতো সি দেৱ-বাঞ্ছিত আমৰত্ব পাব; তাৰ শৰীৰ সকলোতো কৰি ৰক্ষা-শূন্য আৰু দুৰ্বল হোৱাতো সি সমস্তকে বশ কৰি সকলো সৃষ্টিৰ ৰাজা হব। তই ইয়াক ধেমালি কৰিবলৈ সৃষ্টি কৰিছিলি; ইয়াৰ ক্ৰিয়া কলাপো তোৰ ধেমালিৰ লগত একে হব। তোৰ মাতৃ-দেবী সাবিত্ৰী দেৱী জ্ঞানৰ অধিষ্ঠাত্ৰী; তেওঁৰ কথা মতে ইয়াক ৰাজা পাতিলোঁ; ই জ্ঞানৰ গৰাকী হব। নি আই, এতিয়া আৰু নাকান্দিবি, ৰং কৰ।”