না-আছে তাৰ আত্ম-ৰক্ষাৰ উপায়, না-আছে তাৰ আহাৰ আহৰণৰ সম্বল। এতিয়া তাইক বোলে সেইটোকে সৃষ্টিৰ ৰাজা কৰি দিব লাগে। এইজনীৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিলোঁ।”
জীয়েক আছিল ওচৰতে কৰবাত নেদেখাকৈ। তাই আধা হাঁহি আধা কালি কৈ উঠিল, “কিয়, খুড়া আহিলে মায়ে মই সাজা সোণটোকে ৰাজা পাতি দিব নুখুজিছিল নে? এতিয়া না আছে তাৰ গাৰ বান্ধ, না আছে তাৰ ই, না আছে তাৰ সি, এইখন চেলাইছে!”
বিষ্ণুদেৱৰো উঠিল অলপ মান হাঁহি। তাকে দেখি তাইৰ আৰু খং উঠিল, “খুড়া, তুমিও সেই একে একে বুঢ়াৰ একে ভাই। তহঁতৰ লগ নহওঁ।”
(৪)
ব্ৰহ্মা আৰু বিষ্ণু ভোজন শেষ হল; মূখ-শুনি কৰিলে। তেতিয়া বিষ্ণুদেৱে হাঁহি হাঁহি কলে, ‘বাৰু আই, যাচোন তোৰ সৃষ্টিৰ কীৰ্তিটো লৈ আহ।”
ব্ৰহ্মাৰ জীয়াৰী তৎক্ষণাৎ হাজিৰ। বিষ্ণুদেৱে সুধিলে, ইয়াৰ নো নাম কি? ব্ৰহ্মাৰ জীয়েকে কলে, ইয়াৰ নাম মা-নৱ, নতুন মাই।”
“বাৰু, এইটোকে ৰাজা কৰি দিব লাগে হল?”
“লাগেতোন। তুমি দিবা বুলি মায়ে কৈ থৈছে নহয়।”