ব্ৰহ্মাদেৱে চামে চামে, থাকে থাকে, জাতে জাতে নানা প্ৰকাৰ গছ-লতা, জীৱ-জন্তু, পশু-পক্ষী, কীট-পতঙ্গ দেখুৱালে। সিবিলাকৰ গঠন কৌশল আত্ম ৰক্ষাৰ উপায় সকলোকো ভাঙি-পাতি বিষ্ণু দেৱৰ আগত প্ৰকাশ কৰিলে। বিষ্ণুদেৱ ব্ৰহ্মাৰ সৃষ্টি কৌশল দেখি বৰ খুচি হল; আৰু ব্ৰহ্মাৰ বুদ্ধিক খুব তাৰিফ কৰিলে।
কাম-কাজ হৈ যোৱাৰ পাছত ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱ একেলগে খাবলৈ বহিল গৈ। থালত অমৃতৰ ভিন্ ভিন্ সহস্ৰ প্ৰকাৰ খাদ্য আৰু চাৰিও ফালে অমৃতৰসৰ পানীয়।
এনেতে বিষ্ণুদেৱৰ কাণলৈ উচুপি উচুপি কান্দাৰ শব্দ গল যেন পালে। তেওঁৰ মনত পৰিল ব্ৰহ্মাৰ জীয়েকৰ কথা। বুৰা কালত হোৱা একেটি সন্তান; কিবা কথাত অনাদৰ যেন পায় তায়ে নিশ্চয় কান্দিছে। তেওঁ সুধিলে, “দাদা, আপোনাৰ মাইছান-জনী কত?”
ব্ৰহ্মাৰ গম্ভীৰ মুখৰ হাঁহি, দাৰি আৰু গাম্ভীৰ্য ভেদ কৰিও বাহিৰ ওলাল; সাবিত্ৰীএ ভিতৰতে মুখ টিপি হাঁহিলে।
ব্ৰহ্মাই কলে, “কি কবা তাইৰ কথা। তাই মোক সৃষ্টি কৰা দেখি, তাৰে কৰবাৰ পৰা কিবা এক সোপা গোটাই এটা কিম্ভুত-কিমাকাৰ সাজি থৈছে; না-আছে তাৰ গাৰ বান্ধ