পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৫ ]

 সৃষ্টি-পদাৰ্থৰ ছেৰা-ছোছোৰা যত যি পালে, ব্ৰহ্মাদেৱে নাজানা কৰি আনি জীয়েকো সৃষ্টি কাৰ্যত লাগি গল। ফলত হল লেটু-পেটু লোপ-সোপ এটা মূৰ্তি, তাৰ ছাল হল সকলোতো কৰি পাতল, দাঁত হল ভোটা নিচেই চুটি, নখ নাই বুলিলেই হয়, জাৰ-তাপৰ পৰা ৰক্ষা পাবলৈ লোম-বিহীন, আটি বান্ধিব নোৱাৰাত গাটোৰ বান্ধন হল ঢিলা, দাঁত আৰু মুখ কোমল হোৱাত খাব নোৱাৰা হল সি একোকে।

 জীয়েকৰ কাণ্ড দেখি ব্ৰহ্মাদেৱৰ পকা-দৰীয়া সুমথিৰা টেঙাৰ দৰে ৰঙা আৰু নিতোল চাৰিও মুখৰ খিল খিল কৰি হাঁহি উঠিল। সাবিত্ৰীক মাত লগাই কলে, “হেৰা, হেৰা, চোৱাহি তোমাৰ আপীৰ কীৰ্তি!”

 মাক আৰু পিতাকৰ হাঁহি দেখি জীয়েক লাজতে জয় পৰি গল, আৰু ফেকুৰি ফেকুৰি কান্দিব ধৰিলে। কোনো প্ৰকাৰে সান্ত্বনা নাই।

 শেষত সাবিত্ৰী দেবীএ কলে, “নাকান্দিবি আই, নাকান্দিবি। তোৰ বিষ্ণু খুড়া আহক বাৰু, এই মূৰ্তিকে পিতাৰৰ সকলো মূৰ্তিৰ ওপৰত ৰাজা কৰিহে এৰিম।”

(৩)

সৃষ্টি কাৰ্য প্ৰায় শেষ হল। বিষ্ণুদেৱ পৰিদৰ্শনৰ কাৰণে উপস্থিত।