হৰে মাত লগালে, “নহলে আৰু কি বুলি ভাবিছা।”
পাৰ্বতীয়ে সুধিলে, “তেনেহলে এই দুই চাৰি জন, যিবিলাকে মানুহক এই ধ্বংসৰ মুখৰপৰা ৰক্ষা কৰিবলৈ বিতত হৈ ঘূৰি ফুৰিছে, এওঁলোক কোন?”
হৰে কলে, “এওঁলোক প্ৰকৃত সজ মনৰ মানুহ। এওঁ- লোকৰ হৃদয় পবিত্ৰ আকাশৰ দৰে উদাৰ আৰু নিৰ্মল। প্ৰকৃততে এওঁলোকৰ ভাৱ-ধাৰাই হে মানৱ-সমাজ ৰক্ষা কৰি আছে।”
পাৰ্বতীয়ে সুধিলে, “ইবিলাক মানুহে তেনেহলে কেনেকই ঘৰ-গৃহস্থি কৰি, সংসাৰ পাতি, সমাজ বান্ধি, ইমান দিনে সুখত বাস কৰি আছিল?”
হৰে কলে, “পৰ্বত জিয়াৰী, যেতিয়ালৈকে মানুহে মানুহৰ অন্তৰ দেখা নাছিল, তেতিয়ালৈকে বাহিৰৰ কাৰ্যকে অন্তৰৰ ভাৱ বুলি ভাবি মানুহে একেলগে বসবাস কৰি আছিল। যেতিয়ালৈকে মুখৰ কথাই অন্তৰৰ ভাৱ গোপন কৰি ৰাখিব পাৰিছিল, নেদেখা উদ্দেশ্যবোৰ দেখা কামৰ আঁৰত লুকাই আছিল, তেতিয়ালৈকে মানুহে বিশ্বাস-অবিশ্বাস দয়া-নিৰ্দয়তা মৰম-ঘৃণাৰ মাজত এক ৰকমে দিন কটাব পাৰিছিল। তোমাৰ বৰৰ-প্ৰভাৱত মানুহৰ হৃদয়-পট মুকলি হল, মানব-মনৰ স্বাৰ্থ-বিজড়িত হিতৈষণাৰ ভিতৰ ওলাই পৰিল, ক্ৰুৰতা