এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১২ ]
ছেগ চাই পাৰ্বতীএ কলে, “প্ৰভু, দাসীৰ নিবেদন
এতিয়া জনাব খোজোঁ।”
হৰে বুলিলে, “কি নিবেদন হে, তোমাৰ! ভাঙ খুৱাই বলিয়া কৰি যিহকে খুচি তাকে কৰাই লোৱা। বৰ দুষ্ট।”
পাৰ্বতীএ লাহেকৈ মাত লগালে, “দাসীৰ প্ৰাৰ্থনা শুনিব খুজিছিল দেখিহে আকৌ কবলৈ সাহ হৈছে।”
“অঁ, বাৰু বুজিছোঁ, কোৱা। নৰ-লোকৰ কি কৰিব লাগে কোৱা।”
“প্ৰভু, নৰলোকৰ এই দুখ গুচাই দিব লাগে। তাহাঁতৰ অন্তৰ-আবৰণ খনি তেনেই টানি তুলি দিব লাগে। প্ৰত্যেকে যেন প্ৰত্যেকক দেখা মাত্ৰেই মনৰ সকলো ভাৱ, মন্দাকিনীৰ ধাৰাৰ উপল-খণ্ডৰ দৰে, ফটফটিয়াকৈ জানিব পাৰে। ইয়াকে কৰিব লাগে, প্ৰভু।”
হৰে কলে, “জানোচা তাকে কৰিলে তুমি আকৌ বেছি দুখকে হে পোৱা।”
“নাপাওঁ, প্ৰভু, তাকে কৰি দিয়ক।”
হৰে ঘৰ-সংসাৰ কৰি অত দিনে বুজিছে, পাৰ্বতীৰ লগত তৰ্কৰ বা যুক্তিৰ একো ফল নাই। ইফালে সিদ্ধিৰ ৰাগিত