নোৱাৰি হাবিৰ মাজ পাইছোঁহি। সিহঁতে আমাক কেতিয়াবা মাৰে, কেতিয়াবা খুৱায়, কেতিয়াবা মৰম কৰে, কেতিয়াবা গালি পাৰে, কেতিয়াবা লঘোণে থয়। খাব খোজা বাহানি- খন খাব নিদিয়ে, যাব খোজা ঠাইলৈ যাব নিদিয়ে, এই উৎপাত। তেনে আই বোপাইৰ ঘৰতকৈ এই হাবি- জংঘলেই ভাল।”
পাৰ্বতীএ সিহঁতকো এৰি আৰু অলপ আগ বাঢ়ি গৈ দেখে, বুৰা-বুৰী এহাল ইটোৰ মুখলৈ সিটোই চোৱা-চুই কৰি বহি আছে। কান্দোতে কান্দোতে তেওঁলোকৰ চকু উখহি গৈছে। পাৰ্বতীয়ে সুধিলে, “ভকত-ভকতনী, আপোনা- লোক কোন, কি দুখত বা ইয়াত এইদৰে বহি আছে?”
পাৰ্বতীৰ কথা শুনি বুৰাই চকু দুটা পোন্দাই তেওঁৰ ফালে চাই ৰল। বুৰীয়ে মাত লগালে, “আই, তই যেয়ে নহৱ, তোৰ মাত এষাৰি তেওঁ আমাৰ বোৱাৰীৰ মাততকৈ মিঠা! ই আমাৰ কপাল আই। বেটা-বৰী সকলো আছে। বন কৰি খুৱাব নোৱাৰোঁ; বোৱাৰীয়ে দেখিব নোৱাৰে; মাতৰ টেঙাত ভাত খাম চাৰি চকু-লোৰে মাটিৰো চাৰি আঙুল তিতে। পো বোৱাৰীৰ ফাল। তাই যি কয়, সেই হয়। আমি জনম দিলোঁ, পতি-পাল কৰিলোঁ, পোহ-পাল দি ডাঙৰ দীঘল কৰিলোঁ, সকলো মিছা হল। কৰবাৰপৰা ধৰি আনা ছোৱালীজনী হল আপোন; আৰু মাক-বাপেক হল