পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭ ]


গৈছে। কোৱাচোন তুমি নো কি দুখত মানুহৰ বসতি এৰি এই দৰে বনে-জংঘলে ফুৰিছা।”

 ডেকাই উত্তৰ দিলে, ‘‘আই, তোমাৰ মাইকীৰ গঢ় দেখি তোমাক বিশ্বাস কৰিবৰ মন যোৱা নাই। মুখত এনে মধু কথা, অন্তৰত বা তোমাৰ কি আছে! তেও শুনা। যি হবলগীয়া হৈছেই, এতিয়া কলে বা নকলে একে হানি বা লাভ নাই। মই বন্তিৰ দৰে লাবণ্যময়ী এগৰাকী ছোৱালীক মোৰ সমস্ত প্ৰাণ-কণাৰে ভাল পাইছিলোঁ। কিন্তু কিমান সাধ্য সাধনা কৰিও তেওঁৰ মন নাপালোঁ। মুখৰ আবৰণে তেওঁৰ অন্তৰৰ ভাৱ ঢাকি থৈছে। সেই অন্তৰত মোৰ প্ৰতি মৰমেই আছে, নে সি অপৰিমেয় উপেক্ষাৰে ভৰি পৰিছে, আজি পৰ্যন্ত কব নোৱাৰিলোঁ। এয়ে মোৰ দুখ”।

 পাৰ্বতীএ ডেকাক এৰি হাবিৰ মাজে মাজে আৰু কিছু দূৰ গৈ এজনী গাভৰু ছোৱালী দেখিলে। দেখিলেই বুজি যে তেওঁৰ আকৃতি কুন্দত-কাটা আছিল। এতিয়াও সোণৰ দৰে গাৰ বৰণ, সৰি পৰিব খোজা শেফালিৰ দৰে দেহাৰ সৌন্দৰ্য, আৰু শুক-তাৰাৰ দৰে চকু দুটিৰ ফালে চালে বেথা আৰু মৰমত হৃদয় পমি যায়। তেওঁ তলমূৰকৈ সৰসৰকৈ চকু-লো পেলাই আছে; কলা চুলিতাৰে আউলি-বাউলি হৈ শৰীৰৰ ফুটি ওলাব খোজা ৰূপ আধা ঢাকি ধৰিছে। পাৰ্বতীএ