পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৬ ]


উপস্থিত। সিহঁতৰ এইবোৰ আমনি শুনি থাকিব নোৱাৰি। আহাহঁক, কৈলাসলৈ যাওঁ; মোৰ আবেলিৰ ভাঙ চিলিম দেৰি হবগৈ, নহলে।”

 দেৱতা হলেও পাৰ্বতী মাইকী মানুহ হে। তেওঁৰ কৌতুহল কমক ছাৰি বাঢ়িল হে। তেওঁ কলে, “প্ৰভু ভাঙ- চিলিমৰ কাৰণে অলপ ক্ষমা দিব লাগে। আজি মই নিজ হাতে গাখীৰ চেনি আৰু বাৰ মছলা মিহলাই সিদ্ধি ঘুটি দিম। দাসীএ মানুহৰ দুখ দেখি সহি থাকিব নোৱাৰে। অনুগ্ৰহ কৰি ইয়াত এখন্তক বৃষভটোক ৰাখক।”

 হৰে কি কৰিলে নকলেও হলহেতেন। বনৰ এচুকত গছ এজোপাৰ তলতে নামি তেওঁ বৃষভটোক ধৰি থাকিল। আৰু পাৰ্বতীএ মগনিয়াৰ ভেশ ধৰি মানুহৰ ওচৰ চাপিল।

(২)

 তেওঁ গৈ প্ৰথমতে এজন ডেকা লৰা দেখা পালে; দীপ-লিপ তাৰ চেহেৰা, উজ্জ্বল গৌৰ কান্তি। কিন্তু কি দুখত ক্ষীণাই-শুকাই গৈছে। ঘনে ঘনে দীঘল হুমুনিয়াহু, আৰু আকাশৰ ফাললৈ চোৱা উদাস-দৃষ্টি।

 পাৰ্বতীএ তেওঁক সুধিলে,⸺“ভদ্ৰমুখ, মই এজনী নিঃকিন মগনীয়া। তোমাৰ দুখ দেখি মোৰ অন্তৰ পৰিমিত শুকাই