পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অন্তৰ আবৰণ।

(১)

 আকাশে দি হৰ পাৰ্বতী যায়। তলত দেখে এখন হাবিৰ মাজে মাজে মানুহ-মুনিহ-তিৰোতা লৰা-বুৰা বেলেগে বেলেগে একোটা একোটা হৈ আমন লিমন কৰি বহি আছে। মানুহৰ বসতিৰ ফালে চকু দিয়াত পাৰ্বতীএ দেখিলে, তাত মানুহ পাতলিল; মাজে মাজে হে ঘৰ-বাৰী কৰি একো পৰিয়াল থাকা দেখা গল।

 পাৰ্বতীএ হৰত সুধিলে “প্ৰভু আজি নো ই কি দেখোঁ! মানুহ দেখোন ঘৰ-বাৰী এৰি বনৰ মাজ সোমালহি! আৰু হাবিতো দেখোন সিহঁত লগ বান্ধি নাথাকি এটা এটা হৈ হে থাকিছে।”

 হৰে উত্তৰ দিলে “পৰ্বত জীয়াৰী, মানুহৰ অতৰ্ক মায়াৰ কথা কি কম তোমাক! তাহাঁতৰ আজি কিবা নতুন দুখ