পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাখৰ।

 চৰিত্ৰ (Character) মানুহৰ জীৱনৰ ভেটি। এই ভেটিটো দৃঢ় হব লাগে, নতুবা জীৱনৰ বৃহৎ অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চূৰ-মাৰ হৈ যাব। জীৱন মানে মানুহৰ পূৰ্ণ মনুষ্যত্ব বিকশিত হোৱা জীৱন; মাথোন খোৱা, শোৱা আৰু ধন-ঘটি ইন্দ্ৰিয়ৰ বৃত্তি চৰিতাৰ্থ কৰা জীৱন নহয়,—কাৰণ এনে জীৱন পশুৰ জীৱনতকৈ এখাপৰহে ওপৰৰ। চৰিত্ৰ-মন্দিৰত ঈশ্বৰৰ সন্তান মনুষ্যৰ ঐশ্বৰিক গুণবোৰৰ মূৰ্ত্তি প্ৰতিষ্ঠিত থাকে, এতেকে সেই মন্দিৰ টান, শকত, নফটা, নভগা আৰু নুৰুখা হব লাগে। বাহিৰৰ শত্ৰুৰ আক্ৰমণ ব্যৰ্থ কৰি চিৰকাল আত্মৰক্ষা কৰি, মূৰৰ ওপৰৰ সোণৰ কলচীটি জগত-কৰ্ত্তাৰ