পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

আৰু চিন্তা-শক্তি দান কৰি ৰাখিছে। এইফেৰা “স্বৰাজৰ” (Self-Government) ক্ষমতা মানুহে ঈশ্বৰৰপৰা লাভ কৰিছে। এতেকে এইফেৰি “স্বৰাজৰ” শাসন, গঠন মানুহে ভালকৈ কৰিলে ভাল হৈ তাৰ ভাল ফলভোগ কৰিবলৈ পায়, বেয়াকৈ কৰিলে বেয়া হৈ তাৰ বেয়া ফলভোগ কৰিবলৈ পায়। Self-Governing Municipality অৰ্থাৎ স্বায়ত্বশাসনৰ ক্ষমতা পোৱা কোনো মিউনিচিপেলিটিয়ে ভালকৈ নিজৰ কৰ্ত্তব্য কৰিব নোৱাৰিলে, গবৰ্ণমেণ্টে সেই মিউনিচিপেলিটিৰ পৰা সেই ক্ষমতা কাঢ়ি নিয়া আমি চকুৰ আগতে দেখি আছোঁ; সেইদৰে নিজৰ চৰিত্ৰ গঠন কাৰ্য্যত অপাৰগ হোৱা লোককো ঈশ্বৰে তেওঁৰ হাতৰ পৰা এই ডাঙৰ ক্ষমতা কাঢ়ি নি, চৰিত্ৰ কি বস্তু

২৮