পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

আগত তোমাৰ business policy ব্যৱসায়াত্মিকা কূট বুদ্ধি গ্ৰাহ্য নহয়।

 সাহ চৰিত্ৰ গঠনত বৰ দৰ্‌কাৰ। কিন্তু সৎ সাহহে (moral courage)। আমাক এনে সাহ লাগে যাক ইংৰাজী ভাষাত Fortitude বোলে। এই সাহে মনলৈ এনে বলে আনে, যাৰ দ্বাৰাই ক্ৰোধ, ভয় ইত্যাদিৰ ওপৰত আমাৰ কৰ্ত্তৃত্ব হয়। সমুখত উপস্থিত হোৱা বিপদ এই সাহৰ আগত কোঁচ খাই যায়। যদি সেই বিপদ এনেকুৱা হয় যে সি দুৰ্ণিবাৰ, অদম্য, তথাপি এই সৎসাহে আমাক বীৰৰ নিচিনাকৈ সেই বিপদৰ সমুখ হৈ তাৰ আক্ৰমণ সহ্য কৰিবলৈ শিকাব। যি বিপদৰ কোনো প্ৰতিকাৰ নাই তাক বুকু পাতি নিৰ্ভয়ে সহ্য কৰাটোও সাহৰেহে কাম।

২৫