পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

লৈকে, দুটা এটা কথাত তুমি সিদ্ধি লাভ কৰিলেও, পিছ্ত ধৰা পৰি থিতাতে তুমি মাটি হবা, তোমাক কোনেও বিশ্বাস নকৰা হব; তাৰ বাহিৰেও তোমাৰ মনৰ অধোগতি হবই হব, নিশ্চয় নিশ্চয়। বহুতে “Honesty is the best policy” অৰ্থাৎ নিষ্কপটতা সকলোত কৈ ভাল নীতি বুলি তাৰ আশ্ৰয় লৈ কাম কৰে। কিন্তু যদিও সেইটো ভাল তথাপি সি সদায় নিৰাপদ নহয়; কাৰণ policy বা নীতিৰ হিচাপত মাথোন নিষ্কপট হৈ চলিলে, এনেকুৱা অৱস্থা কেতিয়াবা তোমাৰ হব যে সি কেতিয়াবা কোনো কামত খাপ নোখোৱা হলে কপটতা (dishonesty) অৱলম্বন কৰিবলৈ তোমাৰ মন যাব। আৰ্জব (uprightness) সত্য বস্তু, এই হিচাপত আৰ্জবৰ (honesty) আশ্ৰয় লোৱাটোহে উচিত। ঈশ্বৰৰ

২৪