পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

তোমাৰো পৰম উপকাৰ অনিবাৰ্য্য। তোমাৰ মন যেতিয়া ডাঙৰ হব, আৰু সি সুমধুৰ প্ৰেমৰসেৰে পৰিপূৰ্ণ হব, তেতিয়া চাৰিওফালে অসীম আনন্দ। লোকৰ ভাল কৰিবলৈ গলে তোমাৰ ভাল-কৰা শক্তি দিনে দিনে বৃদ্ধি পাব, তুমি পৰম প্ৰেমময় ঈশ্বৰৰ সমীপৱৰ্ত্তী হবা, আৰু সকলো এক ঈশ্বৰৰ সন্তান, সকলো তোমাৰ নিজৰ সম্বন্ধীয়া, এই মহান সত্য তোমাৰ মনত প্ৰতিভাত হব। সকলোকে সদায় উছাহ বাক্য প্ৰদান কৰিবা, সাহ দিবা, বল দিবা, সহায় কৰিবা। এনে কৰিলে দুগুণ উপকাৰ,—নিজৰো, পৰৰো। কোনো এনে দুখীয়া নহয়, যে তেওঁ ধনেৰে লোকক সহায় কৰিব নোৱাৰিলে বুলিও, ভাল মাত এষাৰেৰেও যে সহায় কৰিব নোৱাৰিব। আপদত ভাল মাত, উছাহৰ

১৮