পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

হব খোজাজনৰ শীঘ্ৰে কঁকাল পৰে; সেইদেখি তেওঁ যেতিয়া যত অৰ্থেৰে প্ৰকৃত সহায় কৰিব লাগে, তেতিয়া তত কৰিব নোৱাৰা হয়। সেই নিমিত্তে তোমাৰ সুসময়তে ভৱিষ্যত দুঃসময়লৈ সাঁচিবা। অকল বিত্তৰ বিষয়তে হে যে এই কথা খাতে এনে নহয়; পৰিশ্ৰম, স্বাস্থ্য, বুদ্ধি ইত্যাদিতো এই কথা খাটে। সেই দেখি ইংৰাজী ইকনমি Economy শব্দটোৰ আচল প্ৰতিশব্দ বিবেকব্যয়। ডেকাকালৰ সুলভ স্বাস্থ্যৰ অপব্যয়, অপব্যৱহাৰ কৰি শেষ বয়সত ভগ্নদেহ, ৰুগ্নস্বাস্থ্য লৈ অনুতাপ কৰি জীৱন কটোৱা মানুহৰ লেখ বৰ কম নহয়। মুঠতে, শক্তি সঞ্চয় কৰাঁ আৰু তাক আৱশ্যক মতে ব্যয় কৰা, তুমি সংসাৰত বিজয়ী হবা। তুমি মনত দৃঢ়ভাৱে ভাবিবা, যে তোমাৰ অৰ্থ, তোমাৰ শক্তি

১২