পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাগ, ১৯৩২] সম্পাদকৰ চৰা। পানী মাহৰ প্ৰাণস্বৰূপ। হিন্দুশাশ্বত পানীক জলকী নাৰায়ণ বোল হৈছে। এতেকে এনে বহুমূলীয় বস্তুক নিৰ্ম্মল কৰি ৰখাটো মানুহৰ এটা যাই কৰ্তব্য কাম। | যি ঠাইত মাউ আদি ব্যাধি হয়, ভাত পানী আজিকালিৰ নতুন উপায়েৰে চেকি খোৱা উচিত। সেইদৰে চেকিবৰ উপায় কৰিব নোৱাৰিলে অন্ততঃ সেই পানী বৰকৈ উতলাই তপতাই তাক চেচা কৰি লৈ ৰে খোৱা উচিত। তেনে কৰিলে তাত থকা ৰোগৰ বীজাণুবোৰ মৰি যায়। আসামৰ গাৱলীয়া মানুহক পানী নিৰ্দোৰ কৰি ব্যৱহাৰ কৰিবলৈ ভালকৈ বুজাই দিয়াটো সকলো শিক্ষিত লোকৰ কৰ্তব্য। ছিলঠৰ ডাক্তৰ আৰ ডবলিউ বাটে হাইজা ৰোগৰ নতুন এক প্ৰকাৰ চিকিৎসা উখিয়াইছে। তেওঁ? গ্ৰেইন মফাইনৰ (কানিৰপৰা প্ৰস্তুত এটি জুলীয়া দৰব) ভাগ লৈ তাক ফিকাৰীৰে ৰোগীৰ গাত সুমাই দিয়ে, আৰু ৰোগীক সৰহকৈ পানী আৰু তপত চাহ খাবলৈ দিয়ে। তেওঁ কয় যে তেনে কৰিলে কানিৰ গুণত ৰোগীৰ শৰীৰটোৱে জুৰণি পায়, আৰু সেই জুৰণিৰ কালত শৰীৰৰ তিৰত মাউৰৰ প্ৰতিৰোধক "এটি টক্সিন" (Antitoxin) নামে এবিধ পদাৰ্থ জনৰে। সৰহকৈ খাবলৈ দিয়া পানী আৰু চাহে ৰোগীৰ গাৰপৰা ভেদ আৰু ৰাতিত ওই যোৱ। পানীৰ ক্ষতি পূৰণ কৰে। চাহে শৰীৰত উত্তেজনা শক্তি উদ্ৰেক কৰি তাক তত কৰি ৰাখে। পিছত ৰোগীক, কেচুৱা লৰাক দিয়াৰ নিচিনা আহাৰ দিব লাগে। ডাক্তজনে কৈছে যে মাউৰত পৰা অনেক ৰোগীক তেওঁ এই নিয়মমতে চিকিৎসা কৰি জীয়াইছে, আৰু ৰোগৰ আদিতে এই চিকিৎসা কৰিলে পোৰ্গা ৰা পৰাটো নিশ্চয়।