পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাগুণ ১৮১৩] সম্পাদকৰ চৰা। গানবোৰ লোফ গাবলৈ শিকাবলৈ আমি কওঁ। কিতাপখনৰ ছপা কাল, তুলপাত ডাল, বেচ নিয়মীয়া। মুঠতে কিতাপখন ধুনীয়া হৈছে। সঙ্গীত-কোষৰ গানবিলাকৰ ভিতৰত সৰহখিনি গান ভাল। অৱশ্যে তাই কিছুমান গান দিয়া হৈছে যিবোৰ বগলা গানৰ “কানি-মুনি-মে-গাত-দোষ নাই” বিধৰ অনুকৰণ। সেই গানবোৰ পঢ়িলেই বুজিব পাৰি, কি কি বলা গানৰ আৰ্হি আগত ৰাখি সেইবোৰ ৰচনা কৰা হৈছে। বলা গানৰ আহিত আমাৰ গান ৰচনা কৰাটো বেয়া বুলি আমি এইষাৰ কথা কোৱা নাই; বৰং বঙ্গল, হিন্দী, ইংৰাজী ইত্যাদি গানৰ আৰ্হিত যে আমাৰ গান ৰচিত হব লাগে সেইটো মি ডঢ়াইহে কওঁ। কিন্তু একেবাৰেই শাৰীয়ে শাৰীয়ে কথায় কথায় ভাৰটোৱেপতি চকু-মুদা অনুকৰণ হোৱাটোহে বেয়া বুলি আমি কৈছো। সঙ্গীত-কোষৰ দ্বিতীয় তাঙ্গৰণত গ্ৰন্থকৰ্তাই সেই গানবোৰ বাটি উভালি পেলাই দিয়াটো ভাল হব যেন আমাৰ মনে ধৰে। সি যি নহওক, বৰুৱাদেৱে সঙ্গীত-কোষ উলিয়াই অসমীয়া মানুহক যে ধৰুৱা কৰিলে আৰু তেওঁৰ পুৰণি বহু বিদেশত পৰি থকা বহীৰ সম্পাদককে যে সেই ধাৰৰ জালত নেপেলাই নেৰিলে সেইটো ভালকৈয়ে দেখা পোৱা গৈছে। সাধু কথাৰ জোলোঙা।—প্ৰথম খণ্ড। যুত জ্ঞানানন্দ জগতী আৰা ৰচিত। চাৰিটা সাধু-কথাৰে এই সৰু কিতাপখন কৰা হৈছে। সাধুকেইটাত “ধেমালি আৰু উপদেশ দুইৰো সমাবেশ আছে।” সাধু-কথা কেইটা পঢ়ি আমি যেনেকৈ সন্তোষ পাইছো, লেখকৰ লেখাত অলেখ শাশুদ্ধি দোষ দেখি তেনেকৈ অসন্তোষ পাইছোঁ। আজিকালি আমি দেখি বিস্ময় মানিছে যেন সেখাশকলে অসমীয়া লেখিবলৈ কাপ ধৰি বানানলৈ একেবাৰেই চকু মুলে। আগেয়ে অসমীয়া লেখাৰুসকলে লেখিবলৈ বহি লেখাৰে সৈতে খট্‌ কৰি কৈছিল যে “নানা মুনিৰ নানা মত। অসমীয়া ভাষাত ভাল অভিধান নাই যে সেই অভিধান লেখা পূজবোৰৰ আখৰ-ষোটনিৰ আহি লৈ আমি শুধকৈ লেখি।” কি এতিয়া তেওঁলোকৰ সেই আশক্তি খাটে কেনেকৈ?