পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
বহল ব্যাকৰণ।

শব্দ, আৰু তা আৰু ক্তি প্ৰত্যয়ান্ত শব্দ সংস্কৃতত স্ত্ৰীলিঙ্গ বুলি ধৰা হয়। ঋ—কাৰান্ত শব্দৰ ভিতৰত মাতৃ, দুহিতৃ, ননন্দ, আদি শব্দ স্ত্ৰীলিঙ্গ।
 ঘঞ্‌, কি, ন আদি প্ৰত্যয়ান্ত শব্দ পুংলিঙ্গ।
 ভাববাচ্যত হোৱা ঘ্যন্, অনট্ আদি প্ৰত্যয়ান্ত শব্দ ক্লীৱলিঙ্গ।

 ৫২। কিছুমান পুংলিঙ্গ শব্দৰ স্ত্ৰীলিঙ্গৰ ৰূপ একেবাৰে ভিন্। যেনে, পিতা—স্ত্ৰী মাতা, ভ্ৰাতা—স্ত্ৰী ভগিনী, পুত্ৰ—স্ত্ৰী কন্যা, পতি–স্ত্ৰী পত্নী, যুবা—স্ত্ৰী যুবতী, পুৰুষ—স্ত্ৰী স্ত্ৰী, স্বামী–স্ত্ৰী ভাৰ্য্যা, বৰ—স্ত্ৰী কন্যা ইত্যাদি।

 লিঙ্গ সম্বন্ধে ওপৰত যিবিলাক নিয়ম দিয়া হৈছে, সেইবিলাক সংস্কৃত ব্যাকৰণৰ নিয়ম। সংস্কৃত ভাষাত শব্দৰ অৰ্থ অনুসাৰে লিঙ্গ ভেদ কৰা নহয়, শব্দৰ ৰূপ বা ব্যুৎপত্তি অনুসাৰেহে লিঙ্গ ভেদ কৰা হয়। কিছুমান শব্দৰ আকৌ কেনেকৈ লিঙ্গ ঠাৱৰোৱা হৈছে বুজাই নাযায়। সেইবিলাক শব্দ অভিধানত যি লিঙ্গ বুলি ধৰি থৈছে, সিহঁতক সদায় সেই লিঙ্গ বুলিয়ে ধৰা যায়। এতেকে সংস্কৃতত কেতিয়াবা পুৰুষ বুজুৱা শব্দ স্ত্ৰীলিঙ্গ, আৰু স্ত্ৰী বুজুৱা শব্দ পুংলিঙ্গ হয়। দেৱতা এটা সংস্কৃত শব্দ, ই অৰ্থ অনুসাৰে পুংলিঙ্গ হব লাগে, কিন্তু সংস্কৃত অভিধান আৰু ব্যাকৰণ মতেই স্ত্ৰীলিঙ্গ। দাৰ এটা সংস্কৃত শব্দ, ইয়াৰ অৰ্থ ভাৰ্য্যা। এতেকে ই স্ত্ৰীলিঙ্গ হব লাগে, কিন্তু ই স্ত্ৰীলিঙ্গ নহয়, পুংলিঙ্গ। বৃক্ষ শব্দ অৰ্থ অনুসাৰে ক্লীৱলিঙ্গ, কিন্তু ব্যাকৰণ বা অভিধান অনুসাৰে পুংলিঙ্গ। এই দৰে, চন্দ্ৰ, সূৰ্য্য, মেঘ, বায়ু আদি শব্দ সংস্কৃতত পুংলিঙ্গ, আৰু লতা, ধেনু, ভ্ৰূ আদি শব্দ স্ত্ৰীলিঙ্গ হয়। অসমীয়া ভাষাত এই দৰে লিঙ্গ ভেদ কৰা নহয়। তাত অৰ্থ অনুসাৰে শব্দ পুং, স্ত্ৰী, বা ক্লীৱলিঙ্গ হয়। কিন্তু গভীৰ বিষয়ৰ গহীন ৰচনাত